তৃতীয় ঢৌ নেকি? দুই বিদ্যালয়, চি এম ভিজিলেঞ্চৰ কাৰ্যালয় মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন ঘোষণাঃ ৰাজ্যত ৩ শতাধিক কোভিডত আক্ৰান্ত…

ডিজিটেল ডেস্কঃ আকৌ ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। বৃহস্পিতাবৰৰ দিনটোত ৰাজ্যত ৩২২ জন লোক কোভিডত আক্ৰান্ত হয়। যোৱা ২৪ ঘণ্টাত কোভিডত সংক্ৰমণ হৈ মৃত্যু হৈছে ২ জনকৈ লোকৰ। গুৱাহাটী মহানগৰীত ১৪১ জন লোক কোভিডত সংক্ৰমণ হয় বৃহস্পতিবাৰে।
মহানগৰীত বৃহস্পতিবাৰে তিনি স্থানত মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে। মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ অধীক্ষৰ কাৰ্যালয়ৰ লগতে দুই শিক্ষা প্ৰতিষ্ঠানত কণ্টেইমেণ্ট জ’ন ঘোষণা কৰা হৈছে। কামাখ্যা হাইস্কুলত প্ৰধান শিক্ষকৰ উপৰিও গাড়ীগাওঁ বালিকা মোক্তাবৰত তিনিগৰাকী শিক্ষক কোভিডত আক্ৰান্ত হোৱাত প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰে।
লক্ষণীয় ভাৱে কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছত চিন্তিত হৈ পৰিছে গুৱাহাটী মহানগৰ প্ৰশাসন। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান ৰাজ্যৰ কোবিড পৰিস্থিত উদ্বেগজনক নহয় বুলি মন্তব্য কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BqWUus
via IFTTT
Comments
Post a Comment