টিহুৰ প্ৰখ্যাত স্বাভিমানী বস্ত্ৰ ব্যৱসায়ী উদয় চন্দ্ৰ কলিতালৈ শতাধিক দল-সংগঠন, ব্যক্তিৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি…

ডিজেটল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ টিহুৰ সমাজ জীৱনৰ অন্যতম মহীৰূহ, প্ৰখ্যাত স্বাভিমানী বস্ত্ৰ ব্যৱসায়ী, বিশিষ্ট সমাজকৰ্মী তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য উদয় চন্দ্ৰ কলিতাৰ মৃত্যুত আজিও শোক স্তব্ধ হৈ আছে বৃহত্তৰ টিহু অঞ্চল। ২৪ জানুৱাৰিৰ পুৱা খাদ্য আৰু অসামৰিক যোগান আদি বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিৎ কুমাৰ দাসে প্ৰতিষ্ঠিত ব্যৱসায়ী কলিতাৰ বাসগৃহত উপস্থিত হৈ বিশিষ্ট সমাজ সেৱক গৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালৰ সদ্যবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰী দাসে কলিতাৰ মৃত্যুত বৃহত্তৰ টিহু অঞ্চলৰ সমাজ জীৱনত কিছু হ’লেও শূন্যতাৰ সৃষ্টি হোৱা বুলি অভিহিত কৰে ।
ইফালে, লব্ধ প্ৰতিষ্ঠিত ব্যৱসায়ী কলিতাৰ ব্যয়সায়িক প্ৰতিষ্ঠান ‘কলিতা ষ্টোৰ’ৰ সন্মুখত অনুষ্ঠিত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শতাধিক দল সংগঠনে কলিতাৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। টিহু নগৰ উন্নয়ন সমিতি, টিহু আঞ্চলিক উন্নয়ন সমিতি, টিহু ৰাজহুৱা পুথিভঁৰাল সমিতি আৰু টিহু চেম্বাৰ অফ কমাৰ্চৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত টিহু হৰিমন্দিৰ সমিতি, টিহু নগৰ উন্নয়ন সমিতি, টিহু আঞ্চলিক উন্নয়ন সমিতি, টিহু ৰাজহুৱা পুথিভঁৰাল সমিতি , টিহু চেম্বাৰ অফ কমাৰ্চ, টিহু শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতি, ৰাস মহোৎসৱ সমিতি, টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদ, টিহু আঞ্চলিক ইলোৰা বিজ্ঞান মঞ্চ, টিহু আঞ্চলিক ছাত্ৰ সন্থা, টিহু স্প’ৰ্টচ এচোছিয়েচন, বালিপাৰা গাঁও উন্নয়ন সমিতি, মাখিবাহা গ্ৰামোন্নয়ন সমিতি, মাখিবাহা ক্ৰীড়া সংঘ, দক্ষিণ মথুৰাপুৰ–বৰ মাখিবাহা হৰিমন্দিৰ সমিতি, টিহু সাহিত্য সভা, টিহু মহকুমা সাংবাদিক সন্থা, টিহু টাউন ক্লাব, অসম নাট্য সন্মিলনৰ টিহু শাখা, টিহু শাখা লেখিকা সমাৰোহ সমিতি, ভালুকী গৰখীয়া গোঁসাই থান সমিতি, বিজেপিৰ টিহু মণ্ডল সমিতি, টিহু বজালী সংগ্ৰামী সতীৰ্থ মঞ্চ, টিহু জ্যেষ্ঠ নাগৰিক সন্মিলন, টিহুৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ, টিহু গান্ধী ভৱন সমিতি, টিহু মৃত্যুঞ্জয় গোষ্ঠী, টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰ, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মুকুন্দ শৰ্মা, নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যক্ষ ডঃ সুৰজিৎ বৰ্মন, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, টিহু শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ সম্পাদক হীৰেন তালুকদাৰ, টিহু মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা কিশোৰ কুমাৰ শৰ্মা, বিজেপিৰ নলবাৰী জিলা সমিতিৰ উপ সভাপতি দুলাল দাস, অগপ নেতা হৰেকৃষ্ণ মেধি, চিপিআই (এম) নেতা কৰুণা কলিতা, শ্ৰমিক নেতা শৈলেন গোস্বামী, কংগ্ৰেছ নেতা সুনীল পৱন পাঠক, প্ৰাক্তন ছাত্ৰ নেতা শংকৰ কুমাৰ দাস, শিক্ষাব্ৰতী প্ৰমোদ ডেকা, সাংবাদিক অজিত কুমাৰ শৰ্মা, সমাজকৰ্মী গনেশ দত্তকে ধৰি অঞ্চলটোৰ প্ৰায় সংখ্যক শিক্ষানুষ্ঠানৰ প্ৰতিনিধি প্ৰমুখ্যে শতাধিক দল সংগঠন তথা ব্যক্তি বিশেষে তেওঁলৈ শ্ৰদ্ধা নিৱেদন কৰে।
টিহু মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা বিমান কলিতাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী হেমন্ত তালুকদাৰে বৰগীত পৰিৱেশন কৰি সকলোকে আৱেগিক কৰি তোলে। ইয়াৰ পাছতে হোৱা এক শোক সমদলৰ অন্তত টিহু ৰাজহুৱা শ্মশানত শোকাকুল পৰিৱেশৰ মাজত অগণন গুনমুগ্ধৰ উপস্থিতিত বিশিষ্ট নাগৰিক কলিতাৰ শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে, আজি আবেলি দুই বজাৰপৰা চাৰি বজালৈ মৃতকৰ প্ৰতি সন্মান জনাই টিহু নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হয়। উল্লেখযোগ্য যে, ২৩ জানুৱাৰিৰ আবেলি টিহুৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, বিশিষ্ট সমাজকৰ্মী তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য উদয় চন্দ্ৰ কলিতাৰ বাৰ্ধক্যজনিত কাৰণত টিহু নগৰৰ নিজৰ বাসগৃহত দেহাৱসান হয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3GYsH9X
via IFTTT
Comments
Post a Comment