সৌন্দৰ্য প্ৰতিযোগিতাত পুনৰ খিতাপ দখলৰে আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ হেলেমৰ কণমানি আদ্ৰিকা আয়ুষী বৰাৰ…

ডিজিটেল সংবাদ, ছয়দুৱাৰ:গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ চেণ্টাৰত যোৱা অক্টোবৰ মাহত অনুষ্ঠিত হোৱা North East India Beauty Pageant প্ৰতিযোগিতাৰ Kids শাখাত অংশগ্ৰহণ কৰি Winner (Print Model)of SPARK KIDS MISS NORTH EAST INDIA-2021 খিতাপ অৰ্জন কৰি সমগ্ৰ গহপুৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই অনা আদ্ৰিকা আয়ুষী বৰা(৬)ই পুনৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আন্ত:ৰাষ্ট্ৰীয় খিতাপ বুটলিবলৈ সক্ষম হৈছে।
মাত্ৰ তিনিবছৰ বয়সৰ পৰা মডেলিংৰ চৰ্চা আৰম্ভ কৰি স্থানীয় বিভিন্ন মঞ্চত নিজৰ প্ৰতিভা ফুটাই তুলিবলৈ সক্ষম হৈ অহা আদ্ৰিকাই প্ৰথমবাৰৰ বাবে যোৱা অক্টোবৰ মাহত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত Beauty Pageant প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কৃতিত্ব অৰ্জন কৰি নিজৰ পাৰদৰ্শিতা ফুটাই তুলিবলৈ সক্ষম হোৱাৰ পিছত শেহতীয়াভাবে মিচ কিডচ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি International Globe Winner খিতাপ অৰ্জন কৰি নিজৰ পাৰদৰ্শিতা ফুটাই তুলিবলৈ সক্ষম হৈছে।
Gamusa Mega Entertainment Pvt. Ltd. ৰ উদ্যোগত গুৱাহাটীৰ প্ৰাগজ্যোতি আই টি আই প্ৰেক্ষাগৃহত অলপতে অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আদ্ৰিকাই আন্ত:ৰাষ্ট্ৰীয় খিতাপ বুটলিবলৈ সক্ষম হোৱাৰ বাবে তেওঁ অহা অক্টোবৰ মাহত ডুবাই আৰু নেপালত অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰনেচনেল ইউনিভাৰ্চ কিডচৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে।আদ্ৰিকা আয়ুষী বৰা গহপুৰ মহকুমাৰ অন্তৰ্গত মেকলিয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ হেলেম চাহ বাগিচা নিবাসী সৌৰভ বৰা আৰু দিম্পী বৰাৰ জীয়ৰী।
তেওঁ টকৌবাৰীৰ জ্যোতি বিদ্যামন্দিৰৰ ইউ কে জি শ্ৰেণীৰ ছাত্ৰী।মাত্ৰ ছয় বছৰ বয়সতে নিজৰ পাৰদৰ্শিতাৰে সৌন্দৰ্য্য প্ৰতিযোগিতাত আন্ত:ৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰি ডুবাই আৰু নেপালৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰা আদ্ৰিকাক বৃহত্তৰ হেলেম অঞ্চলৰ ৰাইজে শুভাশীষ জনাইছে।তেওঁ বৰ্তমান বিশ্বনাথ চাৰিআলিৰ বৰ অসম ক্ৰিয়েছনৰ সঞ্চালিকা ৰশ্মি বৰুৱাৰ তত্বাৱধানত মডেলিঙৰ প্ৰশিক্ষণ লৈ আছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3g6Wwt4
via IFTTT
Comments
Post a Comment