আজি প্ৰদান কৰা হ’ব অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটাঃ উপস্থিত নাথাকে ৰতন টাটা…

ডিজিটেল ডেস্কঃ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ, আৰু অসম গৌৰৱ বটাঁ প্ৰদান কৰা হ’ব। অৱশ্যে এই অনুষ্ঠানত বিশেষ কাৰনত উপস্থিত নাথাকে অসম বৈভৱ বটাঁ লাভ কৰা বিশিষ্ট উদ্যোগপতি ৰতন টাটা। পৰৱৰ্তী সময়ত মুম্বাইত এই বটাঁ প্ৰদানৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে।
অকল ৰতন টাটাই নহয়, অসম সৌৰভ বটাঁ লাভ কৰা দীপক জৈনো উপস্থিত নাথাকে অনুষ্ঠানত। আজি আবেলি ৩বজাত প্ৰদান কৰা হব এই অসামৰিক সন্মান সমূহ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে যে, ৰতন টাটাই শাৰিৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3AFc013
via IFTTT
Comments
Post a Comment