ন্যায়িক জিম্মাৰ পৰা পলাল দুধৰ্ষ নৰহত্যাকাৰী ‘গেৰজাই’…

ডিজিটেল সংবাদ:ঢকুৱাখনা: ধাৰাবাহিক হত্যা , হিংসা, ডকাইতি, ধৰ্ষনেৰে জনজীৱন বিপদাপন্ন কৰি তোলা ঢকুৱাখনাৰ দুধৰ্ষ নৰ হত্যাকাৰী গেৰজাই (ৰাজু) অসম আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই শনিবাৰে পুৱতি নিশা পলায়ন কৰে। ঢকুৱাখনা , ঘিলামৰা , গোগামুখ ,শিৱসাগৰকে ধৰি বিভিন্ন থানাত পঞ্জীভূত প্ৰায় ৭ টা গোচৰৰ পলাতক আচমি ঢকুৱাখনা ভাটি জালভাৰী গাঁওৰ দুধৰ্ষ এই নৰ হত্যাকাৰী গেৰজাই (ৰাজু) বৰুৱাক ২০২১ বর্ষৰ ২৪ ছেপ্টেম্বৰৰ নিশা ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা আৰু ঢকুৱাখনা সদৰ থানাৰ তদানীন্তন অচি নিৰঞ্জন বৰুৱাৰ নেতৃত্বত চলা এক অভিযান কালত ন কপহুৱা গাঁওৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। গুপ্তাগত গুলিবিদ্ধ হোৱা দুধৰ্ষ অপৰাধীটোক অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসা কৰাৰ পৰৱৰ্তী সময়ত লখিমপুৰ ন্যায়িক জিম্মাত ৰখা হৈছিল ।
অসম আৰক্ষীৰ মস্ত ৱান্টেড এইটো গেৰজাই বৰুৱাৰ কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কাৰাগাৰ কৰ্তৃপক্ষই লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত ৰাখিছিল । সেই কোভিড ৱাৰ্ডৰ পৰাই শনিবাৰৰ পুৱতি নিশা চিকিৎসালয় কৰ্তৃপক্ষ আৰু আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে । এটা নৰহত্যকাৰীক এনেকৈ চিকিৎসাধীন কৰি ৰখা অৱস্থাত লখিমপুৰ জিলা আৰক্ষীয়ে গ্ৰহণ কৰা সোপাধিলা নীতি আৰু ৰহস্যজনক শিথিলতাৰ বাবেই এটা দুধৰ্ষ হত্যাকাৰীয়ে পলাবলৈ সক্ষম হোৱা বুলি ৰাজ্যখনত ব্যাপক চৰ্চ্চা চলিছে। নিৰাপত্তাৰ ক্ষেত্ৰ খনৰ ক্ৰুটিপূৰ্ণ সুৰুঙাৰ বাবেই এইটো গুলিবিদ্ধ হত্যকাৰীয়ে তথাকথিত স্মাৰ্ট অসম আৰক্ষীৰ মুখত চাই সানি নিৰ্বিঘ্নে পলাবলৈ সক্ষম হোৱা বুলি ব্যাপক চৰ্চা চলিছে ।
ইতিপূৰ্বে ধৃত হত্যাকাৰীটোৱে “আৰু দুটামানক মাৰিহে মৰিম” বুলি মুকলি সকীয়নী দিয়াৰ পৰৱৰ্তী সময়ত পুনৰ যে হত্যাকাণ্ডৰ দৰে জঘন্য ঘটনা সংঘটিত কৰিব সেয়া নিশ্চিত হোৱা বুলি আশংকা কৰা হৈছে। কি সুৰুঙাৰে, কাৰ অৱহেলাৰ বাবে এটা অপৰাধী ,তথা এটা কোভিড ৰোগী চিকিৎসালয়ৰ বিছনাৰ পৰা নিৰ্বিঘ্নে পলাবলৈ সক্ষম হল সেয়া সাঁথৰ হৈ ধৰা দিছে ৰাইজৰ মাজত। এইক্ষেত্ৰত জিলা আৰক্ষীৰ গোপন সহযোগিতা থকাৰো সন্দেহ কৰিছে বিভিন্ন পক্ষই । অৱশ্যে আৰক্ষী বিভাগৰ তদন্তইহে সঠিক তথ্য পোহৰলৈ আনিব।
এটা অপৰাধীৰ ন্যায়িক জিম্মাত থকা অৱস্থাত এনেকৈ কৰা পলায়নে লখিমপুৰ জিলা আৰক্ষীৰ সক্ৰিয়তা আৰু কৰ্তব্য পৰায়নতাৰ উলংগ স্বৰূপ ৰাইজৰ দৃষ্টিত নিৰ্লজ ভাবে যে উন্মোচিত হল সেয়া এশ শতাংশই নিশ্চিত । উপায়ন্তৰ জিলা আৰক্ষী বিভাগে নিজৰ কটা যোৱা নাক বচাবলৈ পুৱাৰ পৰা “নাকা চেকিং” আৰম্ভ কৰিছে ৰাজপথত । লগতে সাধাৰণ ৰাইজক গেৰজাইৰ কিবা সম্ভেদ পালে আৰক্ষীক অৱগত কৰাৰ আহ্বান জনাইছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3GTTRyv
via IFTTT
Comments
Post a Comment