৯বজাত খানাপাৰাত পতাকা উত্তোলন কৰিব ৰাজ্যপালে, কোন মন্ত্ৰী ক’ত থাকিব উপস্থিত…

  • খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ আয়োজন।
  • ৯বজাৰ লগে লগে পতাকা উত্তোলন কৰা হব খানাপাৰাত।
  • কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে।
  • ৰাজ্যপালৰ লগতে খানাপাৰাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
  • ইফালে নলবাৰীত পতাকা উত্তোলন কৰিব ৰণজিৎ কুমাৰ দাসে। যোৰহাটত অতুল বৰাই। তামুলপুৰত উৰ্খাও গৌৰা ব্ৰহ্মই।
  • গোৱালপাৰাত পতাকা উত্তোলন কৰিব চন্দ্ৰমোহন পাটোৱাৰীয়ে। বঙাইগাঁৱত পৰিমল শুক্লবৈদ্যই। ডিব্ৰুগড়ত কেশৱ মহন্তই।
  • তেজপুৰ, শোণিতপুৰত ৰণোজ পেগুয়ে। শিলচৰ, কাছাৰত অশোক সিংহলে। লখিমপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী যোগেন মহনে। গোলাঘাটত সঞ্জয় কিষাণে।
  • নগাঁৱত বিত্তমন্ত্ৰী অজন্তা নেওগে। তিনিচুকীয়াত পীযুষ হাজৰিকাই আৰু ধুবুৰীত বিমল বৰাই পতাকা উত্তোলন কৰিব।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3G3k5O3
via IFTTT

Comments