কন্যা শিশুৰ বাবে এটা বিশেষ দিন…

ৰাজৰ্ষি চহৰীয়া

শিশুৰ দেহত থাকে ঈশ্বৰ। কিয়নো এটি শিশুৱে কোনো লোভ, স্বাৰ্থপৰতা, ষড়যন্ত্ৰ, চক্ৰান্ত একো বুজি নাপয়। এটি কণমানি শিশুৰ মুখৰ সেই সৰল আৰু সৎ হাঁহিটিয়ে যিকোনো লোকৰ মন মোহিব পাৰে। শিশু হৈছে ঈশ্বৰৰ এক সুন্দৰ উপহাৰ। প্ৰতিটো শিশু একো একোটা অমূল্য সম্পদ।

কিন্তু এতিয়াও আমাৰ দেশৰ এনে কিছু স্থান আছে য’ত ল’ৰা শিশু জন্ম পালে উৎসৱৰ দৰে এক পৰিৱেশ সৃষ্টি হয়। তাৰ বিপৰীতে কন্যা শিশু জন্ম পালে পৰিয়ালটোত যেন এক অঘোষিত দুখে দেখা দিয়ে। কিন্তু কিয় এই ভেদ ভাৱ? ইয়াৰ উত্তৰ হৈছে গোৰামী, শিক্ষাৰ অভাৱ।

ল’ৰাই হওঁক বা ছোৱালীয়েই হওঁক, প্ৰতিটো শিশুৱেই পাব লাগে সমান অধিকাৰ আৰু সমান মৰম-ভালপোৱা। কিন্তু বিভিন্ন ৰাজ্যত কন্যা শিশুৰ প্ৰতি বহু সময়ত অৱহেলিত মনোভাৱ পৰিলক্ষিত হয়। লিংগ বৈষম্যমূলক নেতিবাচক চিন্তাধাৰা দূৰ কৰাৰ উদ্দেশ্যেই দেশত পালন কৰি অহা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস।

২০২২চনৰ ২৪ জানুৱাৰীৰ দিনটো উচৰ্গিত কন্যা শিশুৰ বাবে। ভাৰতবৰ্ষত প্ৰতিটো বছৰৰ ২৪ জানুৱাৰী তাৰিখে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা অসমতাৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্য ‘ভাৰত চৰকাৰৰ নাৰী আৰু শিশু বিকাশ মন্ত্ৰালয়ে’ ২০০৮ চনৰ পৰা এই ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ৰ আয়োজন কৰি আহিছে। ভাৰতীয় সমাজত ছোৱালীসকলে সন্মুখীন হৈ অহা বাধা-বিঘিনি আৰু লিংগ বৈষম্যতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই পালন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসটি।

এই দিৱসত কন্যা সন্তানৰ অধিকাৰৰ বিষয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ছোৱালীৰ শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ গুৰুত্বৰ ওপৰতো সজাগতাৰ সৃষ্টি কৰা হয়। আজি দেশৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসমূহে প্ৰতিবছৰে ১১ অক্টোবৰ তাৰিখে পালন কৰে। এই দিৱসক ছোৱালীৰ দিন বুলিও কোৱা হয়। ২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথম এই দিৱস পালন কৰা হৈছিল। লিংগ বৈষম্য দূৰ কৰাই হৈছে এই দিৱসৰ অন্যতম প্ৰধান উদ্দেশ্য। অন্যান্য উল্লেখযোগ্য ক্ষেত্ৰ সমূহ হ’ল শিক্ষাৰ অধিকাৰ, পৰিপুষ্টি, আইনী সহায় আৰু ন্যায়িক অধিকাৰ, চিকিৎসা সুবিধা, আৰু বৈষম্যৰ পৰা সুৰক্ষা, নাৰীৰ বিৰুদ্ধে হিংসা আৰু বলপূৰ্বক তথা বাল্য বিবাহ।

প্লেন ইণ্টাৰনেছেনেল নামৰ বেচৰকাৰী অনুষ্ঠানৰ পৃষ্ঠ-পোষকতাত এটি প্ৰকল্প ৰূপে আন্তৰ্জাতিক কন্যা শিশু দিৱস জন্ম হৈছিল। প্লেন ইণ্টাৰনেছেনেল “কাৰণ মই এজনী ছোৱালী” (Because I Am a Girl) নামৰ আন্দোলনৰ ফলশ্ৰুতিত এই দিৱসৰ ধাৰণা জাগ্ৰত হৈছিল। এই আন্দোলনৰ মূল কাৰ্যসূচী হল গোটেই বিশ্বজুৰি কন্যাৰ পৰিপুষ্টি সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰা। এই সংস্থাৰ কানাডাৰ বিষয়ববীয়া সকলে এই আন্দোলনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কানাডা চৰকাৰৰ সহায় লয়।

পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মজিয়াত কানাডায়ে আন্তৰ্জাতিক কন্যা শিশু দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়ায়। ২০১১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে এই প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহীত হয় আৰু ২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথম আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন কৰা হয়।প্ৰতি বছৰে ইয়াৰ এটা থিম বা প্ৰতিপাদ্য থাকে। প্ৰথম কন্যা শিশু দিৱসৰ থীম আছিল “বাল্য বিবাহ বন্ধ কৰা।” দ্বিতীয় বাৰ, ২০১৩ চনত থীম আছিল “ছোৱালীৰ শিক্ষা ক্ষেত্ৰ অভিনৱ কৰি তোলা।” তৃতীয় আৰু চতুৰ্থ বাৰৰ থিম আছিল, “কৈশোৰক ক্ষমতা সম্পন্ন কৰা আৰু হিংসা চক্ৰ বন্ধ কোৱা”আৰু “কৈশোৰ কন্যাৰ ক্ষমতা: ২০৩০ ৰ পথ-প্ৰদৰ্শক।”

কন্যা শিশু দিৱসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন দেশত বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। তাৰে কিছুমান ৰাষ্ট্ৰসংঘয়ে প্ৰযোজনা কৰে। যেনে আমাৰ দেশৰ মুম্বাইত অনুষ্ঠিত সাংগীতিক অনুষ্ঠান। কিছুমান বেচৰকাৰী সংস্থা যেনে অষ্ট্ৰেলিয়াৰ গাৰ্ল গাইড অষ্ট্ৰেলিয়ায়ে ভালে মন কাৰ্যসূচী পালন কৰে। স্থানীয় সংঘয়ে নিজা নিজা অঞ্চলত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে। যেনে দক্ষিণ আফ্ৰিকাৰ কিছুমান অঞ্চলত টি-চাৰ্ট ছোৱালীৰ মাজত বিতৰণ কৰা হয়।

কন্যা বা ল’ৰা বুলি কোনো ধৰণৰ ভেদ কৰিব নালাগে। আজিৰ কন্যাই অলিম্পিকত মেডেল অৰ্জন কৰি আহে। আজিৰ মহিলাই সকলো বুজি পায়। সকলো কৰিব পাৰে। নিজক ল’ৰাতকৈ বহু সময়ত অধিক যোগ্য বুলি জনাইছে। কিন্তু  সমাজত কিয় এতিয়াও এনে মান্যতা আছে যে কন্যা শিশু ল’ৰা শিশুতকৈ কম সকলো ক্ষেত্ৰত। এগৰাকী মহিলাই যেনেকৈ নিজ সন্তান পৰিয়ালক পোহপাল দিব পাৰে। তেনেকৈ এই কন্যা শিশুসকলেও কৰিব পাৰে দেশক গৌৰৱাম্বিত।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3rG6Cqa
via IFTTT

Comments