শিৱসাগৰৰ ধৃতিষ্মান চক্ৰৱৰ্ত্তীলৈ প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ প্ৰদান…

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰ জিলাৰ নাজিৰাৰ অ’ এন জি চি কলনীৰ ধৃতিষ্মান চক্ৰৱৰ্ত্তীয়ে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ ২০২২ বঁটা লাভ কৰে। আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ধৃতিস্মান চক্ৰৱৰ্তীৰ পিতৃ মাতৃৰ লগতে শিৱসাগৰৰ উপায়ুক্ত মেঘ নিধি দাহালৰ উপস্থিতি ভাৰ্চুৱেল ম’ডত ব্লকচেইন পদ্ধতিৰে তেওঁক এই বঁটা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰে। কণমানি ধৃতিষ্মানৰ সফলতাত আহ্লাদিত উপায়ুক্ত গৰাকীয়ে ধৃতিষ্মানক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
উল্লেখযোগ্য যে, দেৱজিৎ চক্ৰৱৰ্তী আৰু সুনম চক্ৰৱৰ্তীৰ পুত্ৰ ধৃতিষ্মান চক্ৰৱৰ্ত্তীয়ে মাত্ৰ ৩ বছৰ বয়সতে “Youngest Multilingual Singer”ৰ খিতাপ অৰ্জন কৰে। বৰ্তমান তেওঁ আঁঠটা ভাষা ক্ৰমে অসমীয়া, হিন্দী, ইংৰাজী, বাংলা, মাৰাঠী কানাড়া, সংস্কৃত আৰু সিনহালিত গীত পৰিৱেশন কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। তেওঁ ইতিমধ্যে মাত্ৰ ৫ বছৰ বয়সতে ৭-৮টা ভাষাৰ প্ৰায় ৭০টা মান গীত বাণীবদ্ধ কৰে।
অসমৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ গীত টুইত কৰে। কনমাণি ধৃতিস্মান চক্ৰৱৰ্তী চচিয়েল মিডিয়াটো বহু জনপ্ৰিয়৷ ফেচবুকৰ প্ৰফাইলত তেখেতৰ আছে ১৩০০০কৈ অধিক ফলৱাৰ, ইউটিউবতো আছে চাৰিহাজাৰকৈ অধিক সাবস্ক্ৰাইবাৰ৷ বলিউড জগতৰ প্ৰসিদ্ধ শিল্পী ক্ৰমে চান, টনী কক্কৰ, সুনিধি চৌহান, শান্তনু মইত্ৰ, জীত গাংগুলী আদিকে ধৰি কেইবাগৰকী জনপ্ৰিয় শিল্পী ধৃতিস্মানৰ গীত শুনি আপ্লুত হৈছে৷ উল্লেখযোগ্য যে, ৰবীন্দ্ৰ তীৰ্থ কলিকতাত অনুষ্ঠিত কৰা এটা লাইভ অনুষ্ঠানত তেওঁ “Performer and Champ of the day” খিতাপ অৰ্জন কৰে। তদুপৰি তেওঁ প্ৰাক্তন অধিনায়ক সৌৰভ গাঙ্গুলিৰ সৈতেও অনুষ্ঠান পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qWTj5r
via IFTTT
Comments
Post a Comment