জোনবিল মেলাৰ আজি দ্বিতীয়টো দিনঃ অনুষ্টুপীয়াকৈ অনুষ্ঠিত বিনিময় প্ৰথা…

ডিজিটেল ডেস্কঃ ৰাজ্যত বৰ্ধিত কোৰোনা সংক্ৰমণৰ বাবে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে ঐতিহাসিক জোনবিল মেলা। কেৱল মাত্ৰ ডেৰশজন লোকৰ উপস্থিতিত নিয়মমাফিকভাৱে অনুষ্ঠিত কৰা হৈছে এই মেলা। কোভিড সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা এছ অ’ পি অনুসৰণ কৰিয়েই আয়োজক সকলে পূৰ্বে অনুষ্ঠিত কৰি অহা সাধাৰণ মেলা, জনগোষ্ঠীয় মেলা, খাদ্য মেলা, আনন্দ মেলাকে ধৰি সকলো বাণিজ্য মেলা বাতিল কৰিছে আয়োজকে।
পূৰ্বৰ নিয়ম অনুসৰিয়েই কোভিড প্ৰ’টকল মানি মাত্ৰ ডেৰশজন লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এইবাৰৰ জোনবিল মেলাত পাহাৰৰ কেইবাজনো মামা-মামীয়ে তেওঁলোকৰ সামগ্ৰী লৈ ভৈয়ামলৈ নামি আহিছে আৰু ভৈয়ামৰ ভাগিনহঁতৰ সৈতে বিনিময় কৰিছে।
ইফালে জোনবিল মেলাৰ তৃতীয়টো দিন অৰ্থাত শনিবাৰে জোনবিল মেলাৰ অনুষ্ঠিত হ’ব ৰাজদৰবাৰ। এই ৰাজদৰবাৰত উপস্থিত থাকিব ৰাজ্যচৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰমাকান্ত দেউৰী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nMvziq
via IFTTT
Comments
Post a Comment