বকোৰ ছমৰীয়া সত্ৰত ৰূপকোঁৱৰক স্মৰণ…

ডিজিটেল সংবাদ,ছমৰীয়া: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বকোৰ ছমৰীয়া সত্ৰৰ ছমৰীয়া আঞ্চলিক যুৱক সংঘৰ উদ্যোগত সংঘৰ কাৰ্যালয়ত ও অনুষ্ঠিত হয় ৰূপকোৱৰ ৰ মৃত্যু দিৱস।এই অনুষ্ঠানত বৃহওৰ ছমৰীয়া অঞ্চলৰ বহু জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে। আজি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি।ছমৰীয়া আঞ্চলিক যুৱক সংঘৰ উদ্যোগত সংঘৰ কাৰ্যালয় প্ৰাংগনত সম্পূৰ্ণ কোভিড প্রটকল মানি অনুষ্টুপীয়াকৈ এইবেলি শিল্পী দিৱসটি পালন কৰা হয়।

.এই অনুষ্ঠানটো আয়োজন কৰা মুল লক্ষ্য ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বিষয়ে আৰু তেঁওৰ সৃষ্টি ৰাজীৰ বিষয়ে উঠি অহা নৱ প্ৰজন্মৰ আগত চিনাকী কৰাই দিয়া বুলি জানিবলৈ দিয়ে উদোক্তা মণ্ডলীয়ে।এই অনুষ্ঠানত ভাষণ প্ৰসংগত ছমৰীয়া আঞ্চলিক যুৱক সংঘৰ সভাপতি চন্দন ভৰালী দেৱে মহান শিল্পী গৰাকীৰ জীৱন দৰ্শন সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে।ইয়াৰ পিছতে উপস্থিত সকলোৱে এপাহ ফুলেৰে মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত সেৱা জনাই মৃত্যু দিৱসৰ দিনটোত শ্ৰদ্ধাৰে সোৱঁৰে।শেষত কেইজনমান স্থানীয় শিল্পীয়ে জ্যোতিপ্ৰসাদৰ কেইটিমান কালজয়ী গীত গাই অনুষ্ঠানৰ সামৰণি কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3rpjpgr
via IFTTT

Comments