শিৱসাগৰত কয়লা ছিণ্ডিকেট চক্ৰৰ গুণ্ডামি অব্যাহত! এখন গাড়ীৰ পৰা ১০ হাজাৰ টকাকৈ সংগ্ৰহৰ অভিযোগ…

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰত কয়লা চিণ্ডিকেটৰ নেতৃত্ব দিয়া চক্ৰৰ গুণ্ডাগিৰিকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় সংগ্ৰামী সেনাই যুটীয়াভাবে এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মানস কোঁৱৰ আৰু জাতীয় সংগ্ৰামী সেনাৰ চিতু বৰুৱায়ে সম্বোধন কৰে। সংবাদমেলত বিজেপিয়ে শাসনৰ বাঘজৰী লৈ অসমত বিভিন্ন চিণ্ডিকেটৰাজ বন্ধ কৰিম বুলি কৈ বৰ্তমান সমগ্ৰ অসমত চিণ্ডিকেট চলাই আহিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে সংগঠন দুটাই।

আনহাতে এই সংবাদ মেলত সংগঠন দুটাই তিনিখন দ্বাৰেদি শিৱসাগৰৰ কয়লাৰ চিণ্ডিকেট চলি আহিছে বুলি উল্লেখ কৰে। তেওঁলোকে কয় যে, ক্ৰমে নাগিনীমৰা, গেলেকী আৰু চুনপোৰাৰ পৰা কয়লাৰ চিণ্ডিকেট চলি আহিছে। তদুপৰি আৰক্ষী থানাৰ সন্মুখেদি কয়লাৰ চিণ্ডিকেট চলি আহিছে যদিও আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰিছে বুলিও সংবাদ মেলত জানিবলৈ দিয়ে সংগঠন দুটাই।

ইয়াৰোপৰি ২০২১ৰ নিৰ্বাচনত পৰাজিত এজন প্ৰাৰ্থী আৰু এজন মন্ত্ৰীৰ ছত্ৰছায়াত এই কয়লা ছিণ্ডিকেট চলি আহিছে বুলিও সংগঠন দুটাই অভিযোগ উত্থাপন কৰে। চিণ্ডিকেট চক্ৰটোৱে কয়লা গাড়ীৰ পৰা অবৈধভাৱে টকা সংগ্ৰহ কৰাৰ ভিযোগউত্থাপন কৰে। এটা গোণ্ডাবাহিনীয়ে সকলো কয়লাৰ গাড়ীৰ পৰা এক মোটা অংকৰ ধন সংগ্ৰহ কৰে বুলিও সংবাদ মাধ্যমৰ আগত ফাদিল কৰে।

শিৱসাগৰ জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকক এই সংবাদ মেলৰ জৰিয়তে সকিয়নী দিয়ে সংগঠনটোয়ে। নাগালেণ্ডত খনন হোৱা কয়লাৰ অসমত সোমোৱা প্ৰতিখন ট্ৰাকৰ পৰা ১৫০০টকা সংগ্ৰহ কৰাৰ লগতে ১০০০ টকা শিৱসাগৰ জিলা পুলিচ প্ৰশাসনক মেনেজৰ নামত সংগ্ৰহ কৰাৰ অভিযোগ কৰে সংগঠন দুটাই। চূণপোৰাত একোখন কয়লা পৰিবাহী ট্ৰাকৰ পৰা ১০ হেজাৰ টকাকৈ সংগ্ৰহ কৰে ৷ শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক , শিমলুগুৰি থানা , বিহুবৰ থানাৰ আৰক্ষী কয়লা চিণ্ডিকেটৰ লগত প্ৰত্যক্ষ ভাবে জড়িত থকাৰো অভিযোগ উত্থাপন কৰা হৈছে।


সংগঠন কেইটাই কয়লা ছিণ্ডিকেট বাহিনীটোৱে ডেৰকোটি টকা প্ৰতি মাহে নাগিনীমৰা গেটৰ পৰা সংগ্ৰহ কৰে বুলি সংবাদমেলত সদৰী কৰে। চূনপোৰা কয়লাৰ ডিপুৰ পৰা চিণ্ডিকেট চক্ৰটোৱ প্ৰতিখন কয়লা কঢ়িয়াওৱা ট্ৰাকৰ পৰা দহ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে।

সমগ্ৰ চিণ্ডিকেট চক্ৰত বিজেপিৰ বৰমুৰীয়া, বিজেপিৰ জিলা পৰ্যায়ৰ নেতা জড়িত থকাৰো অভিযোগ কৰে সংগঠন দুটাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে কয়লাৰ চিণ্ডিকেট এককেন্দ্ৰীভূত কৰি ডাঙৰ গুণ্ডা সৃষ্টি কৰিছে বুলিও সংগঠনৰ নেতা কেইজনে বিস্ফোৰক মন্তব্য কৰে। অনাগত সময়ত চিণ্ডিকেটৰ লগত জড়িত সকলো ব্যক্তিৰ নাম তথ্য সহকাৰে উন্মোচিত কৰিব বুলি সংগঠন দুটাই স্পষ্ট কৰি দিয়ে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qSunfF
via IFTTT

Comments