আজি হাফলঙত ৰাজ্যিক কেবিনেটৰ বৈঠক…

ডিজিটেল ডেস্কঃ আজি হাফলংত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেটৰ বৈঠক। ইতিমধ্যে সকলো মন্ত্ৰী ৰাওনা হৈছে পাহাৰীয়া জিলাখনলৈ। এদিনৰ বাবে মিনি দিছপুৰলৈ ৰূপান্তৰ হবলগীয়া হাফলং চহৰক আটকধুনীয়াকৈ সজাই তোলা হৈছে। পৰিষদৰ পাছতে DHACপৰিষদৰ বৈঠকো অনুষ্ঠিত হব।

উল্লেখ কৰা প্ৰয়োজন যে, এই বৈঠকৰ পৰিপ্ৰেক্ষিততে ডিমা হাছাওৰ Indigenous People Forum নামৰ সংগঠনটোৱে ১৯ তাৰিখে পুৱা ৬ বজাৰ পৰা বিভিন্ন সমস্যা সমাধানৰ দাবীত ১২ ঘণ্টীয়া ডিমা হাছাও বন্ধৰ আহ্বান জনাইছিল যদিও, চৰকাৰে তেওঁলোকৰ সৈতে ২২ জানুৱাৰীত উক্ত সমস্যা সম্পৰ্কে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পৰিপ্ৰেক্ষিতত উক্ত বন্ধ সাময়িকভাৱে স্থগিত ৰখা হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3tFLeEe
via IFTTT

Comments