বটদ্ৰৱাৰ বৈষ্ণৱ ভক্ত থুলেশ্বৰ বৰুৱাৰ দেহাৱসান…

ডিজিটেল ডেস্কঃ বটদ্ৰৱা থানৰ একান্ত সেৱক, সমাজসেৱী থুলেশ্বৰ বৰুৱাৰ আজি পুৱতি নিশা আকস্মিকভাৱে মৃত্যু হয়। নিশা ভাত খোৱালৈকে সুস্থ হৈ থকা লোকজনৰ পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হয় আৰু চিকিৎসকে চিকিৎসা প্ৰদান কৰাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়। আজি পুৱা তেওঁৰ শেষকৃত্য বটদ্ৰৱাতে সম্পন্ন হয়। উল্লেখ্য যে, তেওঁৰ বৰপুত্ৰ দিব্যজ্যোতি বৰা বটদ্ৰৱাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক। অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন ডিজিটেলৰো বটদ্ৰৱাৰ সংবাদদাতা। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-বোৱাৰী, নাতিসহ অসংখ্য লোকক তেওঁ এৰি থৈ গৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3GFTHdZ
via IFTTT

Comments