হত্যাকাৰী স্বামী! মোহময়ী অভিনেত্ৰীৰ মৃতদেহ ৰাস্তাৰ কাষত উদ্ধাৰ…

ডিজিটেল ডেস্কঃ বাংলাদেশৰ মোহময়ী অভিনেত্ৰী ৰায়মাৰ মৃতদেহ ৰাস্তাৰ কাষত প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল। শেহতীয়াকৈ আৰক্ষীয়ে উক্ত হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছে অভিনেত্ৰীগৰাকীৰ স্বামীক।

ঘৰুৱা কন্দলৰ বাবেই অভিনেত্ৰীগৰাকীক হত্যা কৰাৰ তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰিছে। কেৱল স্বামীকে নহয় অন্য ৬গৰাকী লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ঘৰৰ গাড়ীৰেই অভিনেত্ৰীগৰাকীৰ মৃতদেহ পেলাই থৈ আহিছিল ৰাস্তাৰ কাষত।

বাংলাদেশৰ স্থানীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, যোৱা ১৬জানুৱাৰীতে হত্যা কৰা হৈছিল অভিনেত্ৰীগৰাকীক। হত্যা কৰাৰ পাছতে স্বামী আৰু তেওঁৰ বন্ধুবৰ্গই সন্ধিয়াভাগতে আলীপুৰ ব্ৰীজৰ কাষত পেলাই থৈ আহিছিল।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3IfVEye
via IFTTT

Comments