ভাৰতত কোৰোনা ভেকচিনৰ বৰ্ষপূৰ্তি…

ডিজিটেল ডেস্কঃ ১৬জানুৱাৰী, ২০২১। এই দিনটোৰ পৰাই ভাৰতত আৰম্ভ হৈছে কোৰোনা ভেকচিন প্ৰদান প্ৰক্ৰিয়া। প্ৰথমে ফন্টলাইন কৰ্মীসকলক আৰু পৰ্যায়ক্ৰমে সকলোকে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছিল কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে। প্ৰথম পৰ্যায়ত ১৮বছৰৰ ওপৰৰৰ সকলোকে টীকাকৰণৰ ব্যৱস্থা কৰা হৈছিল। বৰ্তমানলৈ ১৫৭কোটিৰো অধিক টীকাকৰণ সম্পন্ন হৈছে দেশত।

দেশত এতিয়াও ৮শতাংশ লোকে এটা পালিও ভেকচিন গ্ৰহণ নকৰাৰ তথ্য পোহৰলৈ আহিছে। দেশত দ্বিতীয়পালি ভেকচিন গ্ৰহণ নকৰা লোকৰ সংখ্যা প্ৰায় ৩১শতাংশ। উল্লেখ কৰা প্ৰয়োজন যে, কিছু দিনৰ পূৰ্বে আৰম্ভ কৰা ১৫-১৮বছৰৰ বয়সক কিশোৰক ভেকচিন প্ৰদান প্ৰক্ৰিয়া দ্ৰুত গতিত আগবাঢ়িছে। এতিয়ালৈকে ৪১শতাংশ অথাত প্ৰায় ৩.২৫কোটি ক প্ৰদান কৰা হৈছে ভেকচিন।

ইফালে শেহতীয়াকৈ আৰম্ভ হোৱা বুষ্টাৰ ডজ প্ৰায় ৩৮লাখ লোকক প্ৰদান কৰা হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nuFEAJ
via IFTTT

Comments