গোৱালপাৰাৰ লক্ষীপুৰত পুনৰ একেটা দ’ খাৱৈত আৱদ্ধ ৬টাকৈ বন্যহস্তী…

ডিজিটেল সংবাদ, গোৱালপাৰা: গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ গভীৰত থকা দ খাৱৈটোত পুনৰ শুক্ৰবাৰে বিয়লি ছটাকৈ বন্যহস্তী পানী খাবলৈ আহি আৱদ্ধ হৈ পৰে। আঞ্চলিক বনকৰ্মীৰ দলে ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত ৰাওনাহৈ হাতী কেইটাক তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, কাষৰীয়া মেঘালয় ৰাজ্যৰ পৰা প্ৰব্ৰজন হৈ লক্ষীপুৰৰ বনাঞ্চলত বিগত প্ৰায় এটা বৰ্ষ ধৰি বিচৰণ কৰি আছে ৪৪/৪৫ টা হাতীৰ এটি জাক।
আজি বিয়লি বনাঞ্চলৰ মাজত থকা দ খাৱৈটোত পানী খাবলৈ আহি বন্যহস্তী ছটা আবদ্ধ হৈ পৰে। উল্লেখ্য যে, একাংশ অবৈধ ৰঙা মাটিৰ ব্যৱসায়ীয়ে বন কৰ্মীৰ চকুত ধূলি দি সংৰক্ষিত বনাঞ্চলৰ গভীৰত আৰু ইয়াৰ আশে-পাশে থকা নিজ পট্টা ভূমিত এস্ককেভেটৰ লগাই মধে-মধে বৃহৎ বৃহৎ গাঁত খান্দি থোৱাৰ পৰিণতিতে বনাঞ্চলত বিচৰণ কৰি থকা হাতীজাকে পানী খাবলৈ আহি ২ ডিচেম্বৰৰ নিশা পাঁচটাকৈ হাতী আৱদ্ধ হয়।
এনেদৰে ওৰে নিশা খাৱৈত পাঁচটাকৈ হাতী আৱদ্ধ হৈ কষ্টভোগ কৰে।এই ঘটনাৰ চৌব্বিশ ঘণ্টা পাৰনৌহঁওতেই পুনৰ ছটা হাতী নিশা আৱদ্ধ হয় আৰু বন বিভাগে অতি কষ্টৰে হাতীকেইটাক এক্সকেভেটৰৰে চাৰি ঘণ্টাৰ মূৰত উদ্ধাৰ কৰে।শুক্ৰবাৰে বিয়লি পুনৰ সেই একেটা খাৱৈত ছটাকৈ হাতী আৱদ্ধ হয়।
বন কৰ্মী এগৰাকীক জবাবদিহি কৰাত তেওঁ জানিব দিয়া মতে,ডিচেম্বৰ মাহত হাতী কেইটা উদ্ধাৰৰ সময়ত খাৱৈটোৰ পৰা হাতী পানী খাবলৈ সহজে নুমিব আৰু উঠিব পৰাকৈ খান্দি দিয়া হৈছিল।কিন্তু সম্প্ৰতি খাৱৈটোৰ পানী শুকাই তললৈ নামি যোৱাত হাতী ছটা পানী খাবলৈ নমাৰ পিচত উঠিব পৰা নাছিল। তেওঁ কয়- বন বিভাগে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত দুখনকৈ এক্সকেভেটৰ লৈ উপস্থিত হয় আৰু সন্ধিয়া সাতমান বজাত হাতী কেইটাক উদ্ধাৰ কৰি বনাঞ্চলৰ ভিতৰলৈ খেদি দিয়া হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3o8bun0
via IFTTT
Comments
Post a Comment