লাম্পিত অসম জাতীয় পৰিষদৰ দলঃ সীমা সমস্যা সমাধানৰ নামত অসম চৰকাৰৰ নিৰ্লজ্জ আত্মসমৰ্পণ মানি নলয় দলটোৱে…

ডিজিটেল সংবাদ বকোঃ ”মানুহ আৰু মাটিৰ সুৰক্ষাৰ স্বাৰ্থত অসম জাতীয় পৰিষদে সদায়ে মাত মাতিব।সীমা সমস্যাৰ স্থায়ী সমাধান আমি বিচাৰিছোঁ ; সেই বুলি মানুহ আৰু মাটিৰ কথা নাভাবি মাটি এৰি দিয়াৰ নামত নিৰ্লজ্জ আত্মসমৰ্পণ কেতিয়াও মানি লোৱা নহ’ব ।” অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসমৰ গাওঁ মেঘালয়ক এৰি দিবলৈ ওলোৱা সিদ্ধান্তৰ বিৰোধীতা কৰি এইদৰে কয় । শনিবাৰে অজাপৰ সভাপতি গৰাকীয়ে পুৱাতে আঞ্চলিক ৰাজনৈতিক দলটোৰ একাংশ নেতা-কৰ্মীক লগত লৈ কামৰূপ জিলাৰ বকোত উপস্থিত হয় ।
ইয়াৰ পিছতে সভাপতিসহ দলটোৱে মেঘালয় ৰাজ্যৰ সীমাত থকা অসমৰ ভূমি লাম্পিলৈ গৈ লাম্পিবাসীৰ সৈতে বিষয়টো সন্দৰ্ভত বহু সময় ধৰি আলোচনাত মিলিত হয় ।আঞ্চলিক ৰাজনৈতিক দলটোৰ সাধাৰণ সম্পাদক জগদ্বিশ ভূঞা, সম্পাদক প্ৰিন্স ফাইজুল হক, জিয়াউৰ ৰহমান , দুলু আহমেদ, পংকজ লোচন গোস্বামী, ধনঞ্জয় মেধি , পৱন কলিতা , হৃদয় প্ৰতিম মহন্ত, গোৰ্খা কল্যাণ সমিতিৰ উপদেষ্টা গোপাল শৰ্মাকে ধৰি নেতা-কৰ্মীয়ে প্ৰথমতে লাম্পিৰ ল’ৱাৰ লাম্পিত উপস্থিত হয় ।
দলটোৱে উপস্থিত হোৱাৰ লগে লগে লাম্পিৰ গাঁৱবুঢ়া কৃষ্ণ কান্ত শৰ্মাকে ধৰি একাংশ ৰাইজে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈক উষ্ম আদৰণি জনাই এখন গামোচাৰে সম্বৰ্ধনা জনায় । লগতে লাম্পি ১৭খন ৰাজহ গাঁৱৰে গঠিত আৰু ইয়াৰে ১৩খন গাঁৱত গোৰ্খা লোকে বসবাস কৰি আহিছে বুলি জনায় । লাম্পিৰ সাতখন গাঁও ইতিমধ্যে মেঘালয়ে আগ্ৰাসন চলাই নিজৰ দখলত নিছে বুলি দুখেৰে অসম জাতীয় পৰিষদৰ দলটোক জানিবলৈ দিয়ে ।
ৰাজ্য চৰকাৰে ঘোষণা কৰা মতে যদি গাওঁ এৰি দিয়া হয় তেন্তে লাম্পিৰ অইন গাওঁ বাদেই আপাৰ লাম্পিত থকা আৰক্ষী বিভাগৰ আউট পোষ্টটোৰ মাটি পৰ্যন্ত মেঘালয়ৰ দখললৈ যাব বুলি কয় । অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্ত ৰজা-মহাৰজাৰ সিদ্ধান্ত দৰে হৈছে বুলি তীব্ৰ গৰিহণা দি মানুহৰ সৈতে আলোচনা নকৰাকৈ গ্ৰহণ কৰা সিদ্ধান্ত কোনো কাৰণতেই অসম জাতীয় পৰিষদে মানি নলয় বুলি চৰকাৰক তীব্ৰ সকিয়নি দিয়ে।
এইক্ষেত্ৰত বিষয়টো সাংসদত তুলি ধৰা হ’ব বুলিও তেওঁ কয় । ইয়াৰ পিছতে দলটোৱে আপাৰ লাম্পিলৈ যায় । আপাৰ লাম্পিত মেঘালয়ে অসমৰ ভূমি আগ্ৰাসন কৰি সেই ভূমিত লগাই থোৱা তথ্যফলক পৰ্যবেক্ষণ কৰে দলটোৱে ।দলটোৱে আৰু কিছু আগলৈ যোৱাৰ কথা আছিল যদিও ৰাজপথত এগৰাকী অসম বিদ্বেষীয়ে হাতত শিলগুটিলৈ আক্ৰমণৰ বাবে চোপ লৈ থকা দেখি উভটি আহিবলৈ বাধ্য হয় । এইক্ষেত্ৰত অৱশ্যে দলটোক লাম্পিৰ একাংশ লোকে সেইঠাইৰ পৰা আগলৈ যাব নালাগে বুলি কয় । অন্যথা পথত ৰৈ থকা অসম বিদ্বেষী লোকগৰাকীয়ে যান-বাহনত শিলগুটি দলিয়াই ক্ষতিগ্ৰস্ত কৰিব বুলিও জনায় ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FZnoG4
via IFTTT
Comments
Post a Comment