আদালতৰ বাহিৰত অসম- নাগালেণ্ডৰ আন্তঃৰাজ্যিক সমস্যা সমাধান কৰিবলৈ সন্মত নাগালেণ্ড…

ডিজিটেল সংবাদ, ৱাখাঃ ছয় দশকজুৰি অমীমাংসিত হৈ থকা অসম নাগালেণ্ডৰ আন্তঃৰাজ্যিক সীমা সমস্যাটো সম্প্ৰতি আদালতৰ বাহিৰত সমাধান কৰিবলৈ সন্মমত হৈছে নাগালেণ্ড চৰকাৰ । আজি ক’হিমাত সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে প্ৰকাশ কৰিছে । বিগত পঞ্চাশ বছৰ ধৰি উচ্চতম ন্যায়ালয়ত নাগালেণ্ড আৰু অসমৰ সীমা সমস্যাকলৈ চলি থকা গোচৰটো এইবাৰ আদালতৰ বাহিৰত নাগালেণ্ড আৰু অসম চৰকাৰে পাৰস্পৰিক বুজাপৰাৰে সমাধান কৰিবলৈ সন্মমত হৈছে । এই সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে কয় – আমি উত্তৰ পূবৰ অসমৰ সৈতে থকা সীমা বিবাদ আদালতৰ বাহিৰত সমাধান কৰিবলৈ সাজু আছো ।
জানিব পৰামতে এই সীমা সমস্যাৰ সমাধানৰ বাবে অসম আৰু নাগালেণ্ডৰ প্ৰতিনিধি দলে অহা ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লগ ধৰি চুক্তি স্বাক্ষৰ সন্দৰ্ভত আলোচনাত মিলিত হ’ব । সীমা বিষয়টো অনুসন্ধান কৰিবলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ , উপমুখ্যমন্ত্ৰী ৱাই পেট্টন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে কালি গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত কৰাৰ পিছত আজি হোৱা ৰুদ্ধদাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।
নেইফিউ ৰিঅৱে কয় যে আমি গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সীমা সমস্যাৰ সমাধানৰ সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনা কৰো । তেওঁ কয় ২০২০ চনৰ ২৩ ডিচেম্বৰত অসম নাগালেণ্ডৰ সীমা সমস্যাৰ বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত উত্থাপন কৰিছিল । দুয়োখন ৰাজ্য আলোচনা কৰাৰ পিছত সম্প্ৰতি বিষয়টো আদালতৰ বাহিৰত নিস্পত্তি কৰিবলৈ সন্মমত হৈছে । সম্ভৱত ফেব্ৰুৱাৰী প্ৰথম সপ্তাহতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হব । ৰিঅৱে কয় যদি ৰয়েল্টি আৰু সীমা বিবাদৰ সমস্যা সমাধান কৰিব পাৰে তেনেহলে দুয়োখন ৰাজ্যৰ বাবে ভাল হব কিয়নো আমি ভাল
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FS48dq
via IFTTT
Comments
Post a Comment