শ্ৰীকৃষ্ণৰ বিবাহ বিচ্ছেদ!…

ডিজিটেল ডেস্কঃ জনপ্ৰিয় ধাৰাবাহিক মহাকাব্য মহাভাৰতৰ কৃষ্ণ চৰিত্ৰটোত অভিনয় কৰা অভিনেতাজনৰ চেহেৰাটো কোনে পাহৰিব পাৰে। অভিনেতা নীতিশ ভৰদ্বাজে এই চৰিত্ৰটোৰ যোগেদি যথেষ্ট নাম, ধন আৰু খ্যাতি অৰ্জন কৰিছিল।

কিন্তু অভিনেতাজনৰ সাংসাৰিক জীৱন বৰ সুখকৰ নহ’ল। শেহতীয়াকৈ দ্বিতীয়বাৰকৈ বিবাহ বিচ্ছেদ হল অভিনেতাজনৰ। তেওঁ আৰু তেওঁৰ পত্নী স্মিতা গাটে বিবাহৰ ১২ বছৰৰ পিছত পৃথক হোৱা সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে এই বিচ্ছেদৰ বাবে ২০১৯চনতে আবেদন কৰিছিল তেওঁ।

উল্লেখ্য যে, স্মিতা এগৰাকী আইএএছ বিষয়া। দুয়ো ২০১৯ চনৰ ছেপ্টেম্বৰত মুম্বাইৰ পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। বিষয়টো এতিয়াও আদালতত আছে। বৰ্তমান, তেওঁলোক বৰ্তমান যমজ কন্যাৰ সৈতে আছে ইন্দোৰত।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/353D12l
via IFTTT

Comments