গোৱালপাৰাৰ মৰনৈত এচিদ আক্ৰমণ: গ্ৰেপ্তাৰ স্বামীসহ ৩ অপৰাধী…

ডিজিটেল সংবাদ, গোৱালপাৰা: গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৰাক্ষসিনীত সংঘটিত হৈছে এচিদ আক্ৰমণৰ এক শিহৰণকাৰী ঘটনা।নিজ স্বামীয়ে পত্নীৰ ওপৰত আখেজ পুৰাবলৈ দুই বন্ধুৰ হতুৱাই সংঘটিত কৰিছে এই বৰ্বৰ আক্ৰমণ।আৰক্ষীয়ে শনিবাৰে সন্ধিয়া তদন্ত ক্ৰমে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এচিদ আক্ৰমণৰ মূল নায়ক স্বামীসহ আন দুই অভিযুক্ত অপৰাধী বন্ধুক। পলমকৈ পোৱা ঘটনাৰ বিবৰণী মতে, শুকুৰবাৰে সন্ধিয়া ৮ মান বজাত ৰাক্ষসিনীৰ আব্দুল হান্নান (২৩) নামৰ অভিযুক্ত স্বামীয়ে কেক খুৱাবৰ চলেৰে নিজ পত্নী তাছমিনা খাতুনক ঘৰৰ ওচৰতে থকা ৰাক্ষসিনীৰ শিল বজাৰলৈ লৈ যায় ।

বজাৰ পোৱাৰ আগতে পত্নীয়ে পথৰ দাঁতিত থিয় হৈ থকা সময়তে দুজন যুৱকে তাছমিনা খাতুনৰ মুখমণ্ডলত এচিডেৰে আক্ৰমণ কৰে। ফলত তাছমিনা খাতুনৰ মুখমণ্ডল জ্বলি যায়।ঘটনা সন্দৰ্ভত শনিবাৰে তাছমিনাই মৰনৈ আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ ( বি)/৪৯০(এ)/৩৪১/৩২৬(এ) ধাৰাৰ লগতে ডি পি এক্টৰ ৪ ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে৷

মৰনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকাম বৰদলৈয়ে এই আক্ৰমণত জড়িত ৰাক্ষসিনীৰ জিয়াৰুল হক (২০) আৰু বৰপেটা জিলাৰ আলোপতি চৰৰ ছানোৱাৰ হুছেইন ওৰফে আব্দুল্লাক শনিবাৰে সন্ধিয়া আতক কৰাৰ পিচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে।স্বামী আব্দুল হান্নানে পত্নীৰ ওপৰত আখেজ পুৰাবলৈকে দুই বন্ধুৰ হতুৱাই নিজ পত্নীৰ মুখমণ্ডলত এচিদ আক্ৰমণ কৰোৱাই বুলি আৰক্ষীৰ জেৰাত অভিযুক্তসকলে স্বীকাৰ কৰে। অভিযুক্ত স্বামীসহ তিনি অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷এই শিহৰণকাৰী এচিদ আক্ৰমণৰ ঘটনাই মৰনৈ-ৰাক্ষসিনী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/v0Iqadr9u
via IFTTT

Comments