ভুৱা কল চেন্টাৰৰ পৰা ফোন কৰি লুটিলে বিদেশী নাগৰিকৰ কোটি কোটি টকা, গ্ৰেপ্তাৰ ৯জনক…

ডিজিটেল ডেস্কঃ কলকাতাত ছাইবাৰ ক্ৰাইম অৰ্থাৎ ছাইবাৰ অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে ৯জন লোকক। কলকাতাৰ ছল্ট লেকৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোক কেইজনক। জানিব পৰা মতে, ছল্ট লেকৰ এএল ব্লকৰ এটা বাসগৃহ এই দুষ্ট চক্ৰটোৱে ব্যৱহাৰ কৰিছিল। ঘৰটোত এটা ভুৱা কল চেন্টাৰ বনাই এই চক্ৰটোৱে প্ৰতাৰণা কৰিছিল আমেৰিকা, অষ্ট্ৰেলিয়া, জাৰ্মানৰ নাগৰিকক।

এই চক্ৰটোৱে মাইক্ৰ’ছফ্ট ছফটৱেৰ ব্যৱহাৰকাৰীসকলৰ ডাটাৰ এক তালিকা প্ৰস্তুত কৰিছিল। গ্ৰেপ্তাৰ কৰা ধৃত কেইজনে সেই তালিকাত বিদেশী নাগৰিকসকলক মাতিবলৈ ইন্টাৰনেট প্ৰট’কল ভইচ অভাৰ ব্যৱহাৰ কৰি আছিল। আৰক্ষীয়ে জনোৱা মতে, এই চক্ৰটোৱে বিদেশী নাগৰিকসকলক প্ৰযুক্তিৰ দিশত সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছিল। লগতে কোটি কোটি টকা গিফ্ট কাৰ্ডৰ জৰিয়তে লুটি লয়।

প্ৰতাৰণা কৰি লুণ্ঠন কৰা টকাসমূহ ভাৰতীয় মুদ্ৰালৈ ৰূপান্তৰ কৰি নিজৰ বেংক একাউন্টত জমা কৰে। এই ঘৰটোৰ পৰা আৰক্ষীয়ে লগতে ৩০টা কম্পিউটাৰ, ১৩টা ম’বাইল, ৩টা ৰাউটাৰ , ৩খন হাৰ্ড ডিস্ক, ১খন গাড়ী জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত কেইজন ক্ৰমে- আমব্রনিল বোস ৰায় চৌধুৰী (২৭), ছায়াদ এজাজ হুছেইন (২৭), তাইফুৰ খান (৩১),কাশিফ আলী শেখ (৩৬), আয়াজ আফৰোজ খান (৩৪), নিখিল ছেঠী (২৩), ছায়াদ ৰাফায়েল আলী (২১), মহম্মদ হাবীবুল্লাহ (৩৪), সুনীল কুমাৰ পাধ্য (২৯)।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3IoCQgt
via IFTTT

Comments