ৰজাঘৰৰ অমনোযোগিতাঃ জহি-খহি গৈছে টীয়কৰ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ গৃহ…

ডিজিটেল সংবাদ, টীয়কঃ চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগ আৰু টীয়ক সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে এতিয়া শ্মশান যাত্ৰাৰ দিশে ধাৱমান হৈছে টীয়কৰ চিন্তামনিগড়ৰ খাটোৱালত থকা বিভাগৰ হস্ততাঁত বস্ত্ৰৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ । অঞ্চলটোৰ যুৱতীসকলক হস্ততাঁতৰ উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে ১৯৮৭ চনতে সেইসময়ৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাই এই প্ৰশিক্ষণ কেন্দ্ৰটো স্থাপনত আগভাগ লৈছিল ।
কিন্তু অতি সম্প্ৰতি এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ আন্ত: গাঠনিৰ অভাৱ ।দীৰ্ঘদিন মেৰামতি নকৰাত জহিখহি গৈছে প্ৰশিক্ষণ কেন্দ্ৰটোৰ দুৱাৰ খিৰিকী,টিনপাত আদি । উল্লেখযোগ্য যে প্ৰতিবছৰে ১৫ গৰাকীকৈ যুৱতীক প্ৰশিক্ষণ প্ৰদানৰ সুবিধা থকা এই প্ৰশিক্ষণ কেন্দ্ৰটোত কেৱল মাত্ৰ দুখন তাঁতশালহে কাৰ্যক্ষম হৈ আছে ।বাকী কেইখন তাঁতশাল ব্যৱহাৰৰ অনুপযোগী হৈ পৰি আছে দীৰ্ঘদিন ধৰি ।
লক্ষনীয় বিষয় এই যে প্ৰশিক্ষণ কেন্দ্ৰটোত এগৰাকী প্ৰশিক্ষক আৰু এগৰাকী ডেমন্চটেটৰ নিযুক্তি দিয়া হৈছিল যদিও ডেমন্চটেটৰ গৰাকীক ইয়াৰ পৰা বহু দিনৰ পূৰ্বে পদসহ লৈ যোৱাত এতিয়া কেৱল এগৰাকী প্ৰশিক্ষকে কাৰ্যনিৰ্বাহ কৰি আছে চিন্তামনিগড়ৰ এই হস্ততাঁত বস্ত্ৰ শিল্পপ্ৰশিক্ষণ কেন্দ্ৰটোত ।শীঘ্ৰে এই কেন্দ্ৰটোৰ আন্ত:গাঠনি উন্নয়ন কৰি প্ৰশিক্ষণৰ এক উপযুক্ত পৰিৱেশ গঢ়ি তোলাৰ আহ্বান জনাইছে দল সংগঠন সমূহে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3GTOD5Q
via IFTTT
Comments
Post a Comment