মাতৃৰ বাবে ঔষধ আনিবলৈ যোৱা ছাত্ৰ নেতাক আৰক্ষীৰ গুলীঃ সমগ্ৰ নগাঁৱত ব্যাপক উত্তেজনা…

ডিজিটেল সংবা নগাওঁঃ বিগত কেইটামান মাহত অসমত ধাৰাবাহিকভাৱে অসম আৰক্ষীৰয়ে অপৰাধন নিয়ন্ত্ৰণৰ লগতে অপৰাধীলৈ লক্ষ্য কৰি গুলীচলনা কৰাৰ ঘটনা সংঘটিত হৈ আহিছে। বিশেষকৈ নগাওঁ জিলাত আৰক্ষীৰ অপৰাধীলৈ লক্ষ্য কৰি গুলীকৰাৰ ঘটনাই সততে সংবাদ শিৰোনাম দখল কৰিছে। এনে এক সময়তে শনিবাৰে নগাঁৱত সংঘটিত হোৱা এক গুলী চালনাৰ ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শনিবাৰে নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক তথা জিলাখনৰ আছুৰ এগৰাকী নেতা কীৰ্তি কমল বৰা আৰক্ষীৰ গুলীত গুলিবিদ্ধ হোৱাৰ ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি সামান্য কথাতে আৰক্ষীয়ে কীৰ্তি কমল বৰালৈ লক্ষ্য কৰি গুলী চালনা কৰিছে।

অভিযোগ অনুসৰি নগাঁৱত এণ্টি নাৰ্কটিক স্কোৱাডে তালাচী চলাই আছিল। সেই সময়তে গুলীবিদ্ধ কীৰ্তি কমল বৰাই মটৰ চাইকেল লৈ ঔষধ ক্ৰয়ৰ বাবে আহিছিল। তেনে সময়তে এণ্টি নাৰ্কটিক স্কোৱাডৰ দলে তেওঁক ৰখিবলৈ কোৱাত সেই স্থানত ৰখা নাছিল যদিও পৰৱৰ্তী সময়ত তেওঁ আহি তালাচীৰ স্থানত উপস্থিত হৈছিল।

ইয়াৰ পিছতে তালাচীত থকা দলটোৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল কীৰ্তি কমল বৰা। ইয়াৰ মাজতে কীৰ্তি কমলে নিজৰ হাতত থকা হেলমেটৰ দ্বাৰা এণ্টি নাৰ্কটিকৰ দলটোৰ লগত থকা বিষয়াক প্ৰহাৰ কৰে আৰু তালাচীৰ দলটোৱে কীৰ্তি কমল বৰাৰ ভৰিত গুলী কৰে।

তালাচীস্থানত কীৰ্তি কমলে এণ্টি নাৰ্কটিকৰ বিষয়া প্ৰদীপ বনিয়া আৰু এজন কনিষ্টবলকো প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে। ইফালে কীৰ্তি কমলক এইদৰে গুলী কৰাৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই নগাঁৱৰ সাধাৰণ জনাতাই। তেওঁক বৰ্তমানলৈকে কোনো অসাজিক কাম-কাজৰ লগতে অপৰাধমূলক কাৰ্যত জড়িত থকাৰ উদাহৰণ নাই বুলিও স্থানীয় ৰাইজে উল্লেখ কৰিছে।

ইফালে নাৰ্কটিক স্কোৱাডৰ বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে পূৰ্বৰে পৰা বহু কেইটা গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। সামান্য কথাতে সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ লগতে লকডাউনৰ সময়ছোৱাত মাৰ-পিট কৰাৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে। ইফালে আৰক্ষীৰ গুলীত আহত কীৰ্তি কমলৰ অৱস্থা সংকতজনক হৈ পৰাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে।

উল্লেখ্য যে আছুৰেও কীৰ্তি কমল বৰা বিভিন্ন সামাজিক কাম-কাজৰ লগতো জড়িত। কোনো অপৰাধমূলক কামকাজত জড়িত হোৱাটোও প্ৰত্যক্ষ কৰা নাই স্থানীয় ৰাইজে। যাৰ বাবে এই গুলী চালনাৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই নগাওঁ জিলাবাসীয়ে। আনহাতে এই ঘটনাই এতিয়া ৰাজ্যত ব্যাপক হাৰত সংঘটিত হৈ অহা গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন প্ৰশ্নৰো উদয় কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3rJCUR0
via IFTTT

Comments