টাই আহোম সকলৰ ধৰ্মীয় আৰাধনা শ্ৰব্য ও ভিডিঅ’ “আই চেং লাও ” উন্মোচন…

ডিজিটেল সংবাদ ,ধেমাজিঃ শুকুবাৰে বিয়লি ৩ বজাত নগাখেলীয়স্হিত পাৰ্কৰ সমীপৰ জ্যেষ্ঠ নাগৰিক আবাস জ্যেষ্ঠ কুঞ্জত ধেমাজি বুটিকোৰস্হিত উদীয়মান যুৱক তথা বিশিষ্ট কন্ঠ শিল্পী সৌৰভ জ্যোতি বৰুৱাই নিৰ্মান কৰি উলিওৱা টাই আহোম উপৰি পূৰুষ সকলৰ ধৰ্মীয় আৰাধনা “ আই চেং লাও ” নামৰ শ্ৰব্য ও ভিডিঅ মাধ্যম ধেমাজি জ্যেষ্ঠ নাগৰিক আবাস জ্যেষ্ঠ আবাল বৃদ্ধ- বৃদ্ধা সকলে মাঙ্গলিক আয়তী উৰুলি ধৱনিয়ে আশীৰ্বাদ দি উন্মোচন কৰে ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত জ্যেষ্ঠ কুঞ্জৰ বৃদ্ধ- বৃদ্ধা সকলৰ উপৰিও জ্যেষ্ঠ কুঞ্জৰ পৰিচালক মনোজ বৰুৱা , অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী অম্বিকা সন্দিকৈ বৰুৱা লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে ৷

প্ৰায় ৫ মিনিট সময় ধৰি নিৰ্মান কৰি উলিওৱা মাধ্যমৰ দৃশ্য গ্ৰহণৰ ঠাই সমূহ আহোম ৰজা দ্বিতীয় ৰাজধানী হাবুঙৰ লগতে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত পৌৰাণিক কৃৰ্তিচিহৃ ৰং ঘৰ ,কাৰেং ঘৰ আৰু তলাতল ঘৰৰ দৃশ্য সমূহ বানীবদ্ধ কৰা হৈছে। আহোম জনগোষ্ঠীৰ ৰাইজে মেডাম- মেফ্ৰীকে ধৰি বিভিন্ন মাঙ্গলিক অনুষ্ঠানত পুৰুহিতক সকলে উপাসনা কৰা পৰম্পৰা ধৰ্মীয় প্ৰাৰ্থনা এই মাধ্যমটিৰ জৰিয়তে ৰাইজৰ মাজত বিশেষ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷ অনুষ্ঠানত আবাসীক বৃদ্ধ-বৃদ্ধা সকলক একোখনকৈ ফুলাম গামোচাৰে সৰ্ম্বধনা জনোৱা লগতে এজোৰকৈ ভৰিত পিন্ধা মোজা আগবঢ়োৱা হয় ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3o7zNBI
via IFTTT

Comments