আহত কীৰ্তি কমলে সংবাদ মাধ্যমৰ আগত কি ক’লে….

ডিজিটেল সংবাদ নগাওঁঃ নগাঁও চহৰৰ কছলুখোৱাত শনিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত নগাঁও আৰক্ষীৰ এটা দলৰ ৰহস্যজনক গুলী চালনা ঘটনাত সদৌ অসম ছাত্ৰ সন্থাৰ এজন নেতা গুলিবিদ্ধ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ গুলীত আহত ছাত্ৰ সন্থাৰ নেতা গৰাকীক পাছত কীৰ্তি কমল বৰা বুলি চিনাক্ত কৰা হয়। আৰক্ষীৰ দলটোৱে ছাত্ৰ নেতাজনক তেনেই ওচৰৰ পৰা গুলীয়াই আহত কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাৰ পাছতে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি- কৰ্তব্যৰত আৰক্ষী জোৱানক আক্ৰমণ কৰিছিল কীৰ্তিকমল বৰাই। কিন্তু পৰিয়ালৰ লোকে আৰক্ষীৰ এই ভাষ্য নস্যাৎ কৰাৰ লগতে আৰক্ষীয়ে পৰিকল্পিত ভাৱে কীৰ্তিকমললৈ গুলীচালনা কৰিছিল বুলি অভিযোগ তুলিছে। ভৰিত গুলী লগাৰ পাছত ছাত্ৰ নেতা জনক ততাতৈয়াকৈ নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক গুৱাহাটীলৈ অধিক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে।

আহত কীৰ্তি কমলে চিকিৎসাধীন অৱস্থাতে সংবাদ মাধ্যমক জনোৱা মতে, সন্ধিয়া প্ৰায় ৭ বজাত তেওঁ ঔষধ আনিবৰ বাবে ফাৰ্মাচীলৈ আহিছিল।সেই সময়তে কচলুখোৱা ৰাসফিল্ডৰ ওচৰত কেইজনমান আৰক্ষীয়ে অসামৰিক পোচাকত যুৱক কেইজনমানক সোধপোছ কৰি থকা আৰু মাৰপিট কৰি থকা তেওঁ প্ৰত্যক্ষ কৰে।তেতিয়া কীৰ্তিকমলে অসামৰিক পোছাকত থকা আৰক্ষীৰ লোককেইজনক কৌতূহল বশতঃ ইয়াৰ কাৰণ সোধে। আৰক্ষীৰ লোক কেইজনে এই কথাতে কীৰ্তিকমলৰ লগত তৰ্কাতৰ্কি লাগে।

আৰক্ষীৰ লোক কেইজনৰ মাজৰে “বনিয়া” উপাধিৰ এজন আৰক্ষীৰ জোৱানে খঙত অগ্নিশৰ্মাহৈ কীৰ্তিকমলৰ ভৰিলৈ লক্ষ্য কৰি গুলী চলাই। ইপিনে এই ঘটনা সংঘটিত হোৱাৰ সময়ত কীৰ্তিকমল সুৰামত্ত অৱস্থাত আছিল বুলি আৰক্ষীয়ে অভিযোগ কৰাৰ বিপৰীতে কীৰ্তি কমলে আৰক্ষীৰ লোককেইজনহে সুৰামত্ত অৱস্থাত আছিল বুলি অভিযোগ কৰিছে।

ইয়াৰ বিপৰীতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱা আৰক্ষী অধীক্ষকৰ সন্মুখতে কীৰ্তিকমলৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ পুত্ৰই সুৰাটো দূৰৈৰ কথা কোনোধৰণৰ নিচাযুক্ত দ্ৰৱ্য সেৱন নকৰে বুলি সজোৰে মন্তব্য কৰিছে। আৰক্ষীয়ে এজন ছাত্ৰ নেতাক বিনা কাৰণত গুলিওৱা ঘটনাক কেন্দ্ৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ভুক্তভোগী ছাত্র নেতা গৰাকীৰ পৰিয়ালৰ লোকে ।

উল্লেখযোগ্য যে, আহত কীৰ্তিকমল বৰা নগাঁও মহাবিদ্যালয়ৰ আছু গোটৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল বুলি জানিব পৰা গৈছে। ইপিনে, আহত কীৰ্তিকমলৰ মাতৃয়ে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তুলি কয়, টিউছনৰ পৰা আহি পোৱাৰ পাছত মাকৰ বাবে ঔষধ আনিবলৈ ওলাই গৈছিল তেওঁৰ পুত্ৰ কীৰ্তি কমল। সেইজন ল’ৰাই কিদৰে আৰক্ষীক আক্ৰমণ কৰিব আৰু সুৰা পান কৰিব পাৰে? ই সম্পূৰ্ণ ভুৱা আৰু এতিয়াও কীৰ্তিকমল বৰা চিকিৎসালয়ত আছে। তেওঁ সুৰা পান কৰাৰ পৰীক্ষা কৰক আৰু নগাঁও আৰক্ষীৰ “বনিয়া” উপাধিৰ আৰক্ষী জোৱান গৰাকীৰো পৰীক্ষা কৰক। তেতিয়া ওলাই পৰিব সমগ্ৰ ৰহস্য।

এইদৰে নগাঁও আৰক্ষীক প্ৰত্যাহ্বান জনাইছে আহত আছু নেতা গৰাকীৰ মাতৃয়ে। তদুপৰি আহত‌ কীৰ্তিকমলৰ পিতৃ আৰু ভাতৃয়ে গুলী চালনা কৰাৰ লগত জড়িত আৰক্ষী জোৱান গৰাকী সুৰামত্ত আছিল বুলি অভিযোগ উত্থাপিত কৰাৰ লগতে তেওঁলোক দুয়োজনকে চিকিৎসালয়তে গুলীয়াই দিব বুলিও ভাবুকি দিয়াৰো সংবাদ মাধ্যমৰ আগত অভিযোগ তোলে।

দুয়ো পক্ষৰ অভিযোগ- প্ৰতিঅভিযোগে সমগ্ৰ ঘটনাৱলী সম্প্ৰতি সন্দেহৰ আৱৰ্তত । ঘটনাৰ খবৰ পাই তদন্তৰ বাবে নগাঁৱৰ উপ- আৰক্ষী অধীক্ষক তৃদীপ কুম্বাং ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতেই নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ চিকিৎসালয়ত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী অধীক্ষক গৰাকীয়ে আছু নেতা গৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় আৰু ঘটনা সংক্ৰান্তত নিজেই তদন্ত কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি ঘটনাস্থলীলৈ বুলি ৰাওনা হয়।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nRfQim
via IFTTT

Comments