ছমৰীয়া সত্ৰত নৱগঠিত ৰিপাব্লিক প্ৰেছ ক্লাৱৰ শপত গ্ৰহণ অনুষ্ঠান…

ডিজিটেল সংবাদ, ছমৰীয়া: সমাজৰ অতন্ত্ৰ প্ৰহৰী হিচাবে কাম কৰি অহা সংবাদকৰ্মী সকলৰ ঐক্যমঞ্চ ‘ৰিপাব্লিক প্ৰেছ ক্লাৱ”ৰ আজি শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয়৷ ছমৰীয়া আঞ্চলিক যুৱক সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানটো পৰিচালনা কৰে প্ৰেছ ক্লাৱৰ উপদেষ্টা সঞ্জয় সৰকাৰে। ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰীতম দাসৰ উপস্থিতিত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত নৱ গঠিত ‘ৰিপাব্লিক প্ৰেছ ক্লাৱ’ৰ কৰ্মকৰ্তা সকলক শপত বাক্য পাঠ কৰোৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিৱক্তা এম মুক্তাৰ মণ্ডলে।
ৰিপ্লাবিক প্ৰেছ ক্লাৱৰ শপত গ্ৰহণ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ৪ নং সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাজাহান আলী আহমেদে ভাষন প্ৰসংগত কয় যে,গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সংৱাদ মাধ্যমৰ সাংবাদিকৰ সংবাদ সেৱা নিৰপেক্ষ ভূমিকা লৈ সমাজৰ পৰা আৰম্ভ কৰি ৰাজ্য এখনৰ শৈক্ষিক পৰিবেশ ও উন্নয়নৰ দিশত আগুৱাই লৈ যাব পাৰে বুলি কৈ নৱগঠিত প্ৰেছ ক্লাৱৰ প্ৰতি গৰাকী কৰ্মকৰ্তাই যাতে সঠিক ভাৱে বাতৰি পৰিবেশন কৰি অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজক উন্নয়নৰ ফালে লৈ যাব পাৰে তাৰ প্ৰতি সংবাদ কৰ্মী সকলক কাম কৰি যাবলৈ কয়।
ইফালে, ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰীতম দাসে ভাষন প্ৰসংগত ৰিপাব্লিক প্ৰেছ ক্লাৱ নতুনকৈ গঠন কৰাত অভিনন্দন জনাই সংবাদ সেৱাৰ ক্ষেত্ৰত সংবাদ কৰ্মীসকলে সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি যোৱাৰ পোষকতা কৰে। অনুষ্ঠানত ছমৰীয়াৰ বিশিষ্ট সমাজ কৰ্মী শংকৰ কলিতা, অসস গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ বকো সমষ্টি সমিতিৰ সভাপতি কৃষ্ণ কান্ত কলিতা, সমাজ কৰ্মী দীলিপ চক্ৰৱৰ্তী, ৰত্ন অধিকাৰী প্ৰমু্খ্যে বহু গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/IprUkG4Cc
via IFTTT
Comments
Post a Comment