নাৰায়ণপুৰৰ দুলীয়াপথাৰত নাৰায়ণৰ ৰাজহ চক্ৰৰ গাঁও প্ৰধান সংস্থাৰ সাধাৰণ সভা সম্পন্ন…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ সদৌ অসম গাঁও প্ৰধান সন্থাৰ অন্তৰ্গত নাৰায়ণপুৰ ৰাজহ চক্ৰৰ গাঁও প্ৰধান সংস্থাৰ এখনি সাধাৰণ সভা আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ দুলীয়াপথাৰত অনুষ্ঠিত হয় ৷ সেই উপলক্ষে দুলীয়াপথাৰস্থিত কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত নাৰায়ণপুৰ চক্ৰ কমিটিৰ সভাপতি নগেন্দ্ৰনাথ বৰুৱাৰ সভাপতিত্বত সাধাৰণ সভাখনি অনুষ্ঠিত হয় ৷ চক্ৰ কমিটিৰ সম্পাদক মৃদুল শইকীয়াই আঁত ধৰা সভাখনিত গাঁও প্ৰধানসকলৰ বিভিন্ন অভাব-অভিযোগ সন্দৰ্ভত বিশদভাবে আলোচনা কৰাৰ লগতে নাৰায়ণপুৰ চক্ৰৰ অৱসৰপ্ৰাপ্ত গাঁও প্ৰধান ক্ৰমে ধৰ্মেশ্বৰ বৰুৱা আৰু হৰেণ ভড়ালীক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ৷
এটি প্ৰাৰ্থনাৰে আৰম্ভ হোৱা সভাখনিত সদৌ অসম গাঁও প্ৰধান সন্থাৰ উপ-সভাপতি অমৰনাথ ছেত্ৰীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণত কয় যে- গাঁও প্ৰধান সকলৰ কৰ্ম অনুসৰি পাৰিতোষিক নগন্য ৷ চৰকাৰক তেওঁলোকৰ পাৰিতোষিক বৃদ্ধি কৰিবৰ বাবে আহ্বান জনায় ৷ তেখেতে ৬৫ বছৰ বয়সৰ পিছত গাঁও প্ৰধানসকলক চৰকাৰে অৱসৰ দিয়াৰ যি ব্যৱস্থা কৰিছে সেই ব্যৱস্থাক আদৰণি জনাইছো বুলি অৱগত কৰি লগতে অৱসৰীসকলক ১০ লাখ টকা এককালীন আৰ্থিক অনুদান দিবৰ বাবে আহ্বান জনাইছে ৷ লখিমপুৰ জিলা গাঁও প্ৰধান সংস্থাৰ সম্পাদক প্ৰশান্ত সোনোৱাল, নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী লাৱন্য ভূঞাকে প্ৰমূখ্য কৰি জিলাখনৰ বহুসংখ্যক গাঁও প্ৰধান উপস্থিত থকা সভাত সমাজকৰ্মী বিপুল ভূঞা আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া মকবুল হুছেইনক ফুলাম গামোছা, মানপত্ৰ আৰু সফুঁৰা প্ৰদানেৰে বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ৷
আজিৰ সভাত উপযুক্ত শিক্ষাগত নথি থকা অৱসৰপ্ৰাপ্ত গাঁও প্ৰধানসকলৰ সতি-সন্ততিক নিযুক্তি দিবৰ বাবেও চৰকাৰক আহ্বান জনাই ৷ সভাত জয়ৰাম বৰা, প্ৰফুল্ল কলিতা, চিন্টু শইকীয়া, তুলসী হাজৰিকা, দেৱকান্ত দুৱৰা, পোহৰ ভূঞা, মৃদুল শইকীয়া, জয়ন্ত বৰা, নিতুল বৰা, শশীধৰ বৰাকে প্ৰমূখ্য কৰি বহু সংখ্যক গাঁও প্ৰধানে অংশগ্ৰহণ কৰে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nTbMOm
via IFTTT
Comments
Post a Comment