আজি ভাৰতীয় সেনা দিৱস…

ডিজিটেল ডেস্কঃ আজি ভাৰতীয় সেনা দিৱস। প্ৰতিবছৰে ১৫ জানুৱাৰী তাৰিখে এই দিৱস পালন কৰা হয় সমগ্ৰ দেশত। প্ৰতিবছৰৰ দৰে এইবছৰো দিল্লীত পালন কৰা হৈছে ভাৰতীয় সেনা দিৱসটি।

পুৱাৰে পৰা ভাৰতীয় সেনাৰ জোৱানসকলে পেৰেডৰ লগতে যুদ্ধ সামগ্ৰী প্ৰদৰ্শনীও অনুষ্ঠিত গৈছে।

Image

এই দিৱসতে দেশমাতৃৰ বাবে প্ৰাণ বলিদান দিয়া শ্বহীদসকলক স্মৰণ কৰা লগতে কেইবাগৰাকীও সেনা বিষয়া-জোৱানক সন্মানিতও কৰা হয়।

Image

ভাৰতীয় সেনা দিৱসৰ সৈতে সংগতি ৰাখি পুৱাই দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশমাতৃৰ সুৰক্ষাত নিয়োজিত সৈনিকসকলক অভিনন্দনৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zYgzmF
via IFTTT

Comments