মাজুলীৰ চোতালত মনগীত উৎসৱ…

ডিজিটেল সংবাদ, মাজুলীঃ মননশীল মনগীতেৰে মুখৰিত হ’ল মাজুলীৰ লুইতৰ পাৰ । বলিউদৰ প্ৰতিস্থিত সংগীতজ্ঞ নিখিল পল জৰ্জৰ লগতে জয় বৰুৱা, মৈত্ৰেয়ী, শংকুৰাজ, শ্বাস্বতী ফুকন আদি বিভিন্ন সংগীত শিল্পীৰ লগতে চিত্ৰশিল্পীয়েও ভিৰ কৰিছেহি মাজুলীৰ ডেকাচাংত ।
তিনিদিনীয়াকৈ অনুস্থিত এই মনগীত উৎসৱৰ মননশীল গীত, কবিতা, চিত্ৰ সৃষ্টিয়েই হৈছে মূল উদ্দেশ্য । উপস্থিত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংগীতৰ পথাৰখনত কচৰত কৰি থকা বহু শিল্পী-প্ৰশিক্ষাৰ্থী । আধুনিকতাৰ ধামখুমীয়াৰ মাজত সংগীতৰ ক্ষেত্ৰখন মননশীল গীতেৰে জীপাল কৰাৰ উদ্দেশ্যে বহু কেইজন বিশিষ্ট সংগীতজ্ঞই প্ৰশিক্ষণ দিব ন-শিকাৰু গায়কক । উপস্থিত থাকিব আদিল হুছেইন, অংগৰাগ পাপন মহন্ত, তৰালী শৰ্মাৰ দৰে শিল্পী ।
যি অসমত আউনীআটী সত্ৰৰ ভাওনা সমাৰোহ কভিডৰ বাবে স্থগিত কৰিছে সেই সময়ত মাজুলীত কভিডৰ নীতি নিয়ম উলংঘা কৰি এনে অনুষ্ঠান আয়োজন কৰাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। আনহাতে উক্ত অনুষ্ঠানত স্থানীয় একাংশ সাংবাদিকৰ প্ৰৱেশ নিশিদ্ধ কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34N3HUM
via IFTTT
Comments
Post a Comment