কোকৰাঝাৰত মনেশ্বৰৰ ৰাজকীয় বিবাহ, অভ্যাগতৰ আসন শুৱনি কৰিব হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু হাই প্ৰফাইল ব্যক্তিয়ে…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এখন ৰাজকীয় বিবাহ । যি বিবাহৰ অতিথি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ ৰাজনীতিৰ বহু বাঘা বাঘা নেতা । বাদ পৰি ৰোৱা নাই ছাত্ৰ সংগঠনৰ মুৰব্বীকে ধৰি প্ৰায় সকলো জাতীয় সংগঠনৰ নেতাসকল ।

মনেশ্বৰ বসুমতাৰী । অচিনাকী লোক সকলে মনেশ্বৰক দেখিলে সাধাৰণতে সৰু ল’ৰা বুলিয়েই ভুল কৰে । কিন্তু দেখাত চুটি চাপৰ মনেশ্বৰ বসুমতাৰী সৰু ল’ৰা নহয় । মনেশ্বৰ বসুমতাৰীৰ বয়স প্ৰায় ৪৫ বছৰ আৰু এবছুৰ এগৰাকী অক্লান্ত কৰ্মী । বাগছা জিলাৰ গোৰেশ্বৰৰ পুখুৰীপাৰ গাঁৱত ১৯৭৭ চনত জন্মগ্ৰহণ কৰা মনেশ্বৰ বসুমতাৰী এবছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক , সাংস্কৃতিক সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল ।

বহু ঘাত প্ৰতিঘাতেৰে জীৱন অতিবাহিত কৰা মনেশ্বৰ বসুমতাৰী বৰ্তমান কোকৰাঝাৰৰ বাসিন্দা আৰু দেখাত কণমানি মনেশ্বৰ বসুমতাৰীৰ বিয়াক লৈ কোকৰাঝাৰত ৰজাঘৰীয়া -প্ৰজাঘৰীয়াৰ মাজত তুমুল ব্যস্ততা , কিয়নো কাইলৈ অৰ্থাৎ ২৪ জানুৱাৰীত অনুষ্ঠিত হবলগীয়া ৰাজকীয় বিবাহত অভ্যাগত হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

মুখ্যমন্ত্ৰীৰ উপৰিও বিটিচি প্ৰধান প্ৰমোদ বড়ো , উৰ্খাও গৌৰা নাৰ্জাৰী আদিকে ধৰি ৰাজ্যৰ বাঘা বাঘা ৰাজনীতিবিদসকলো বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিব । বিয়াঘৰৰ অভ্যৰ্থনাত যাতে কোনো ক্ৰটি ৰৈ নাযায় তাৰ বাবে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে টাকুৰি ঘূৰাদি ঘূৰিছে ।

বিয়াখন সুকলমে পাৰ কৰি নিবলৈ ৰাজনৈতিক অৰাজনৈতিক নেতা , মন্ত্ৰী – বিধায়ক , কাৰ্যবাহী সদস্য আদি সকলোৱে লাগি পৰিছে । কেইবা বিঘা মাটিক লৈ আটকধুনীয়া পেণ্ডেল নিৰ্মান কৰা হৈছে । ইতিমধ্যে বিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু কভিডকালিন পৰিৱেশৰ মাজতে অতি জাকজমকতাৰে বিবাহৰ বাবে সম্পূৰ্ণ সাজু হৈ পৰিছে দৰা মনেশ্বৰ বসুমতাৰী ।

আজি সম্পূৰ্ণ বাথৌ ধৰ্মীয় ৰীতি নীতিৰে দৰা মনেশ্বৰ বসুমতাৰীয়ে কইনা চম্পা বড়োৰ সতে প্ৰণয়পাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ দ্বিতীয় ইনিংছ মুকলি কৰিব । শুভ পৰিণয়ৰ প্ৰাকমুহুৰ্তত দেওবাৰে নিশা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্ঠা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য দৰা মনেশ্বৰক আশীৰ্বাদ দিবলৈ বিবাহস্থলীত উপস্থিত হ’ল । উপস্থিত হ’ল বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰী । বেণ্ডপাৰ্টীৰ তালে তালে মুখৰিত হৈ পৰা বিবাহস্থলীত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দৰা মনেশ্বৰক অন্তৰ উজাৰি আশীৰ্বাদ দি এই বিবাহ ব্যাতিক্ৰম বুলি মন্তব্য কৰি যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3KA0uZh
via IFTTT

Comments