বিৰাট এজন মহান খেলুৱৈ…

ডিজিটেল ডেস্কঃ শনিবাৰে হঠাতে টেষ্ট মেচৰ পৰা কেপ্তেইনশ্বীপ এৰাৰ সিদ্ধান্তৰ পাছতে বিৰাট কোহলীৰ অনুৰাগীসকলৰ নিৰাশ হৈ পৰিছে। ক্ৰিকেটৰ সংকলো ফৰমেটৰ কেপ্তেইনশ্বিপৰ পৰা অব্যাহতি লোৱা কোহলীক লৈ শেহতীয়াকৈ মন্তব্য কৰিছে বি চি চি আই প্ৰধান সৌৰভ গাংগুলীয়ে।
বিৰাটৰ এই সিদ্ধান্তক সন্মান জনাইছো বুলি তেওঁ কয়- বিৰাটৰ নেতৃত্বত টীম ইণ্ডিয়াই সকলো ফৰমেটতে অতি সুন্দৰ প্ৰৰ্দশন কৰিছিল। এয়া বিৰাটৰ এক ব্যক্তিগত সিদ্ধান্ত, সেই সিদ্ধান্তক আমি সন্মান জনাব লাগিব। তেওঁ এতিয়াও ভাৰতীয় দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য। তেওঁৰ অৱদান ভাৰতীয় দলে সদায়েই মনত ৰাখিব। বিৰাট এজন মহান খেলুৱৈ।
উল্লেখ্য যে, বিৰাটৰ কেপ্তেইনশ্বিপক লৈ মুঠেও সুখী নাছিল সৌৰভ গাংগুলী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3rpJvQn
via IFTTT
Comments
Post a Comment