কুড়মালি ভাষাত অসমৰ জাতীয় সংগীত উন্মোচন

ডিজিটেল সংবাদ, বোকাখাতঃ কুড়মালি সাহিত্য সভা , অসমৰ উদ্যোগত আৰু গোলাঘাট জিলা কুড়মালি সাহিত্য সভাৰ সহযোগত দেওবাৰে বাদুলিপাৰৰ সমীপৱৰ্তী খুমটাইৰ জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত সভাত কুড়মালি ভাষালৈ অনুবাদ কৰা অসমৰ জাতীয় সংগীতটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ সুৰেশ কুড়মীৰ অনুবাদেৰে অম্বিকা কুৰ্মীয়ে কণ্ঠদান কৰা কুড়মালি ভাষাৰ এই জাতীয় সংগীতটি উন্মোচন কৰে নাজিৰাৰ বিশিষ্ট শিল্পী ভদ্ৰ ৰাজোৱাৰে ৷
অনুষ্ঠানতে কুড়মালি সাহিত্য সভা , অসমে প্ৰকাশ কৰি উলিওৱা কুড়মালি ভাষাৰ প্ৰাক-প্ৰাথমিক আৰু প্ৰাৰম্ভিক শিক্ষাৰ ৫খনকৈ পাঠ্যপুথি উন্মোচন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰাই ৷ কুড়মালি সাহিত্য সভা , অসমৰ কাৰ্যকৰী সভাপতি জীৱনজ্যোতি কুড়মিৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ তাঁতী ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3AqMpIW
via IFTTT
Comments
Post a Comment