শঙ্কৰদেৱ বিশ্ববিদ্যালয়লৈ অসম চৰকাৰৰ ২৩৯ বিঘা ২ কঠা ১০লোচা ভূমি…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ নিচেই সমীপত ৰাইদঙীয়াৰ ঐতিহাসিক আটুৱাটিকাত শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে অসম চৰকাৰে আবন্টন দিয়া ২৩৯ বিঘা ২ কঠা ১০ লোচা ভূমি খণ্ড আজি নগাঁও জিলাৰ ৰাজহ বিভাগে আনুষ্ঠানিকভাৱে চমজাই দিয়ে। এই উপলক্ষ্যত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বটদ্ৰৱাৰ ৰাইদঙীয়াত ভূমি চমজি লোৱাৰ অনুষ্ঠান সম্পন্ন হয়।উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নামত প্ৰথম অৱস্থাত প্ৰায় ৬১ বিঘা ভূমি আৱন্টন দিছিল।
আৰু বিগত ২০২১ বৰ্ষত অসম চৰকাৰৰ কেবিনেট বৈঠকত ঘোষণাৰ পিছত আজি চমজি দিয়া ২৩৯ বিঘা ভূমিসহ মুঠ ৩০০ বিঘা বিশ্ববিদ্যালয় খনৰ নামত আবন্টিত হয়। ইয়াৰ উপৰিও অসম চৰকাৰৰ পৰা মুঠ ১৫ কোটি টকা অনুদান লাভ কৰাৰ পিছত বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ নিৰ্মান কাৰ্য ক্ষীপ্ৰ ভাৱে চলি আছে। অহা বছৰৰ পৰা পাঠদান কাৰ্য আৰু প্ৰশাসনিক কাম কাজ আৰম্ভ কৰিব পাৰিব বুলি আশাবাদী হৈ আছে বিশ্ববিদ্যালয় কতৃপক্ষ।
আজি ভূমি চমজি দিয়া আনুষ্ঠানিক কাৰ্যসূচীতে শঙ্কৰদেৱ বিশ্ববিদ্যালয় কতৃপক্ষই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ সহায় -সহযোগৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানটিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰা, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকা, পঞ্জীয়ক ড০মৃনাল কুমাৰ বৰা, অতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈ, চক্ৰ বিষয়া(নগাঁও সদৰ) ঈশ্বান সিং, ন্যাসৰক্ষী খগেন্দ্ৰ মহেলা, যুটীয়া সম্পাদক ডা০ দুৰ্লভ পাঠক প্ৰমুখ্যে সঙ্ঘৰ সংগী বাপ আইমাতৃ সকলৰ লগতে শ্ৰীমন্ত শঙ্কৰদেৱ শৈক্ষিক আৰু আৰ্থ সামাজিক উন্নয়ন ন্যাসৰ সদস্য সকল, বিশ্ববিদ্যালয় পৰিয়াল, স্থানীয় ৰাইজ, ৰাজহ বিভাগৰ মণ্ডল-কাননগোহ সকলো উপস্থিত থাকে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3g8cX8l
via IFTTT
Comments
Post a Comment