অসমীয়া মাধ্যমতে শিক্ষাগ্ৰহণ কৰি জগতসভালৈ যাত্ৰাঃ বি বি চি ত অসমীয়া সাংবাদিক শচীন গগৈ…

নৱবৰ্ষ বিশেষঃ বিশ্বৰ সৱাতোকৈ সন্মানজনক সংবাদ প্ৰতিষ্ঠান ব্ৰিটিচ বৰ্ডকাষ্টিং কৰ্পৰেচন চমুকৈ বি বি চি ত সাংবাদিকতাৰ গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি অাছে এজন অসমীয়া যুৱকে। হয় বি বি চিত অসমীয়া সাংবাদিক শচীন গগৈৰ বৰ্নিল যাত্ৰাৰ কথাকে কৈছো। বৰ্তমান তেওঁ বি বি চিৰ এজন সম্পাদকীয় প্ৰমুখ অৰ্থাৎ Editorial Lead হিচাপে কাৰ্যনিৰ্বাহ কৰি অাছে। তেওঁ,বি বি চিৰ এটা সাংবাদিক দলক পৰিচালনা কৰে,যাৰ দায়িত্ব হৈছে Asia Pacific Region বিশেষকৈ ভাৰত পাকিস্তান,চীন, জাপান , কোৰিয়া আদি দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক , সামৰিক,আৰ্থ সামাজিক বিষয়বোৰৰ ওপৰত সংবাদ পৰিবেশন কৰা অাৰু শচীন গগৈৰ বিশেষ দায়িত্ব হ’ল এই সংবাদকৰ্মী সকলক পৰিচালনাৰ লগতে সংবাদৰ ওপৰত পৰ্যালোচনা অাগবঢ়োৱা। এই সাংবাদিকৰ দলটোত ভাৰতৰ লগতে ইংলেণ্ড,চীন,নেপাল,শ্ৰীলংকা,ভূটান অাদি দেশৰ সাংবাদিক অাছে। অান্তৰাষ্টীয় সংবাদ প্ৰতিষ্ঠান বিবিচি নিউজৰ টি,ভি অাৰু ৰেডিঅ’ প্লেটফৰ্মত বিশ্লেষণাত্মক পৰ্যালোচনা অাগবঢ়াই অাহিছে গগৈয়ে।।তদুপৰি উল্লেখিত দেশ সমুহৰ ৰাজনীতি,কুটনৈতিক সম্পৰ্ক, প্ৰতিৰক্ষা,সন্ত্ৰাসবাদ আদি বিষয়টো বিশ্বৰ সন্মানজনক সংবাদ প্ৰতিষ্ঠানটোত নিয়মীয়াকৈ লিখা-মেলা কৰে।
ইয়াৰ বাবে গগৈয়ে যথেষ্ট বহল পৰিসৰত চকু ৰাখিব লগীয়া দেশ সমুহ হ’ল ভাৰতৰ লগতে পাকিস্তান,চীন, জাপান , উত্তৰ কোৰিয়া, দক্ষিন কোৰিয়া। ২০১৯ চনত বি বি চিত যোগদান কৰা গগৈয়ে কৰ্মজীৱনৰ পাতনি মেলিছিল ২০০৪ চনত ভাৰতৰ সৰ্ববৃহৎ নিউজ এজেন্সি পিটিঅাই ৰ নতুন দিল্লীস্থ মুখ্যকাৰ্যালয় ৰ পৰাই। তাৰ পিছত তেওঁ তেওঁ কিছুদিন ইণ্ডো-এচিয়ান নিউজ চাৰ্ভিচ (IANS°) অত নতুন দিল্লীতে কৰ্মৰত অাছিল। পৰৱৰ্তী সময়ত ইউনাইটেড নিউজ অৱ ইণ্ডিয়াৰ অৰ্থাৎ UNI ৰ মেঘালয়ৰ সংবাদদাতা হিচাপে কৰ্মৰত অাছিল। ইয়াৰ পিছতে তেওঁ দিল্লীলৈ উভতি যায় অাৰু ২০০৬ চনত মাৰ্কিন দুটাবাসত এজন সংবাদ বিশেষজ্ঞ হিচাপ যোগ দিয়ে। মাৰ্কিন চৰকাৰৰ পদবীৰ পৰা ২০১৯ চনত পদত্যাগ কৰাৰ সময়ত শচীন গগৈয়ে Chief Media Specialist for India পদবীত কাৰ্যনিৰ্বাহ কৰি অাছিল।
বি বি চিত যোগদানৰ পিছতে খ্যাতিমান সাংবাদিক গৰাকীয়ে তুৰ্কীত সংস্থাটোৰ সম্পাদকীয় সন্মিলনত অঃশগ্ৰহন কৰাৰ সুযোগ লাভ কৰে। বি বি।চি ৰ কামকাজৰ ধৰণ কৰণ অাৰু ভৱিষ্যৎ কৰ্মসূচী বুজি পোৱাত সেই সন্মিলনখন তেওঁৰ সাংবাদিকতাৰ যাত্ৰাপথত অত্যন্ত সহায়ক হৈছিল। তাৰ পিছত কভিড মহামাৰীৰ বাবে অনলাইন মাধ্যমেৰে তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সহকৰ্মী সকলৰ সৈতে মত বিনিময় কৰি কাৰ্য সম্পাদন কৰি অাছে। সেয়া চীন-অামেৰিকাৰ সংঘাতেই হওঁক বা ইথিউপিয়াৰ গোষ্ঠী সংঘৰ্ষৰ দৰে বিশ্বত সংঘটিত হৈ থকা গুৰুত্বপূৰ্ণ ঘটনাসমুহৰ বিষয়ে তেওঁ সচেতন হৈ থকাৰ সুযোগ পায়।উল্লেখ্য যে বিবিচিৰ পুৰ্বে তেওঁ শচীন গগৈয়ে নতুনদিল্লীস্থ অামেৰিকান দুটাবাসত সুদীৰ্ঘ ১৩ বছৰ কাল কৰ্মৰত হৈ থকাৰ।সময়ত অামেৰিকা,জাপান, দক্ষিন অাফ্ৰিকা অাদিকে ধৰি ১০-১২ খন দেশ ভ্ৰমণ কৰিছিল অাৰু সেই দেশ সমুহৰ সংবাদ ব্যৱস্থাৰ ওপৰত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছিল। তেওঁ অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন সমস্যা অাৰু ঘটনাৱলীৰ ওপৰতো অালোকপাত কৰি সংবাদ পৰিৱেশন কৰিছে।
তাৰ অন্যতম হ’ল,” কা অান্দোলন,অসমৰ বন্যপ্ৰানী, খেলা-ধুলা অাদি বিষয়বোৰ সামৰিব পাৰিছে এই অান্ত:ৰাষ্টীয় সংবাদ সংস্থাটোত। বাঘজানৰ তৈলখাদৰ অগ্নিকাণ্ডৰ ওপৰত তেওঁ লিখা এটা বাতৰিৰ পিছতহে কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া অাৰম্ভ কৰে।গগৈৰ বাতৰিটোৰ অাগলৈকে বহুকেইটা আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে বিষয়টোৰ ওপৰত মনোযোগ দিয়া পৰিলক্ষিত হোৱা নাছিল। বাঘজানৰ বাতৰিটো কেইবাঘন্টা জুৰি বিবিচিৰ অান্ত:ৰাষ্ট্ৰীয় ৱেবচাইটত ” টপ নিউজ”,হৈ অাছিল। কা’ অান্দোলনৰ কাৰন সমুহো অান বিভিন্ন ৰাষ্ট্ৰীয় বা অান্ত:ৰাষ্টীয় সংবাদ মাধ্যমতকৈ কিছূ গভীৰভাৱে বিশ্লেষণ কৰি বিবিচিত সংবাদ পৰিৱেশন কৰিছিল গগৈৰ দ্বাৰা পৰিচালনা কৰা সাংবাদিকৰ দলটোৱে।তেনেদৰে উত্তৰ পুৰ্বাঞ্চলে কেনেদৰে কভিড মহামাৰীৰ লগত মোকাবিলা কৰি অাছে এই সন্দৰ্ভতো গগৈয়ে বাতৰি পৰিবেশন কৰি অাছে।
২০১৯ চনত দিল্লী হিংসাৰ ওপৰত পোনপ্ৰথম বাৰৰ বাবে তেওঁ বিবিচিৰ অান্ত:ৰাষ্ট্ৰীয় ৰেডিঅত অাগবঢ়োৱা প্ৰতিবেদন গগৈৰ বাবে স্মৰণীয় দিন । বিবিচি ৰেডিঅত প্ৰথমবাৰ সমগ্ৰ বিশ্বৰ সন্মুখত নিজৰ মতামত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি যথেষ্ট ৰোমাঞ্চিত হৈছিল তেওঁ। তেনেদৰে বিবিচিৰ অান্ত:ৰাষ্ট্ৰীয় টেলিভিশ্যনত প্ৰথম বাৰৰ বাবে কৃষক অান্দোলনৰ ওপৰত কৰা বিবিচি টিভিৰ লাইভ কভাৰেজ তেওঁৰ বাবে স্মৰণীয় হৈ ৰ’ব।
ঐতিহাসিক শিৱসাগৰ জিলাৰ খঙীয়া গাঁৱৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী যাদব গগৈ অাৰু অঞ্জলি গগৈৰ পুত্ৰ শচীন গগৈয়ে জিলাখনৰ মেজেঙ্গা প্ৰাথমিক বিদ্যালয়ৰ পৰাই অাৰম্ভ কৰিছিল শিক্ষা জীৱন।মেজেঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয় অাৰু তাৰ পিছত নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত অসমীয়া মাধ্যমতে শিক্ষাগ্ৰহন কৰিছিল তেওঁ। পৰৱৰ্ত্তী সময়ত কটন কলেজৰ পৰা স্নাতক হৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা Mass Communication & Journalism অত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল গগৈয়ে। শেহতীয়াকৈ নিজৰ কৰ্মজীৱনৰ মাজতে ২০২০ বৰ্ষত তেওঁ অাই,অাই,এম কলকাতাৰ পৰা Executive মেনেজমেন্টৰ পাঠ্যক্ৰম সম্পুৰ্ন কৰে। সাংবাদিকতাৰ প্ৰতি কটন কলেজত থকাৰ সময়তে সাংবাদিকতাৰ প্ৰতি অাগ্ৰহ জন্মিছিল শচীন গগৈৰ অাৰু তেওঁ অসমীয়াতে লিখামেলা অাৰম্ভ কৰিছিল বাতৰি কাকতত।
সাদিন কাকতৰ লগতে অসমীয়া খৱৰ, অাছাম ট্ৰিবুন কাকততো তেওঁ নিয়মীয়াকৈ লিখামেলা কৰিছিল। বন্ধুবৰ্গ অাৰু দুই এখন কাকতৰ সম্পাদনা মণ্ডলীৰ পৰা পোৱা উৎসাহৰ জোৰতে তেওঁ সাংবাদিকতাক পেচা হিচাপে লোৱাব সিদ্ধান্ত গ্ৰহণ কৰে অাৰু তেজপুৰ বিশ্ববিদ্যালয়ত জনসংযোগ অাৰু সাংবাদিকতাৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অাৱেদন কৰি প্ৰবেশ পৰীক্ষাত সফলতা লাভ কৰে অাৰু সেয়াই অাছিল জীৱনৰ অন্যতম পদক্ষেপ। দেশৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞ অধ্যাপক সকল অাৰু বিশ্ববিদ্যালয় খনৰ অতুলনীয় শৈক্ষিক পৰিৱেশে সাংবাদিকতাৰ পথত সঠিক ভাৱে অাগুৱাই যোৱাত বহু পৰিমাণে সহায় কৰিলে বৰ্তমানৰ খ্যাতিমান সাংবাদিক শশীন গগৈক। তেজপুৰত অধ্যয়নৰত সময়তে গগৈয়ে নতুন দিল্লীত ইণ্ডিয়ান এক্সপ্ৰেছ কাকতখনত এমহীয়া প্ৰশিক্ষণ লোৱাব সুযোেগ পায়।তেতিয়াই তেওঁ সাংবাদিকতাৰ বাবে দিল্লীলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহন কৰে।
বৰ্তমান গগৈয়ে ইংৰাজী ভাষাত এখন উপন্যাস লিখি অাছে যিখন উপন্যাসৰ পটভূমি অসমৰ গৌৰবোজ্জল ইতিহাস । অসমৰ ইতিহাসসম্বলিত ইংৰাজী ভাষাৰ উপন্যাসখন এবছৰ মানৰ ভিতৰতে সম্পূৰ্ণ হ’ব যিখন গ্ৰন্থই ৰাজ্যখনৰ বিষয়ে বাহিৰৰ পৃথিৱীখনক বহু পৰিমানে সচেতন কৰাৰ সম্ভাৱনা অাছে। সদ্যহতে শচীন গগৈৰ বিবিচি তে সুন্দৰ ভাৱে কাম কৰি যোৱাৰ লগতে অধিক গধুৰ সম্পাদকীয় দায়িত্ব বহন কৰাৰ লক্ষ্য অাছে। কাৰণ এই,প্ৰতিষ্ঠানটো সাংবাদিক সকলৰ কেৰিয়াৰ ডেভলপমেন্টৰ বাবে সদা যত্নপৰ। তেওঁৰ লক্ষ সুদৃঢ় ভাৱে সম্পাদকীয় অাৰু অাৰু বৌদ্ধিক নেতৃত্ববহন কৰাৰ লগতে বিবিচিৰ নতুন সাংবাদিক সকলক উপযুক্ত প্ৰশিক্ষণ দিয়া। ২০২২;চনত।বিবিচিয়ে শতবৰ্ষ সম্পূৰ্ণ কৰিব।এনে এক সন্ধিক্ষণত এই স্ংবাদ প্ৰতিষ্ঠানটোৰে জড়িত হৈ থাকিবলৈ পাই গৌৰৱ অনুভৱ কৰে এই গৰাকী অসম সন্তানে।
ভৱিষ্যতে কোনো শিক্ষা প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ উঠি অহাচামক সাংবাদিকতা, কমিউনিকেচন,লীডাৰশ্বিপ অাদি বিষয়ত শিক্ষা প্ৰদান কৰাৰ লক্ষ্য অাছে অভিজ্ঞ সাংবাদিক গৰাকীৰ। সেয়েহে এতিয়াও তেওঁ যুৱপ্ৰজন্মৰ লগত মতামত বিনিময় কৰাৰ সুযোগ পালে তাক হেৰুৱাব নিবিচাৰে। দেশ বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত গগৈয়ে বক্তৃতা প্ৰদান কৰিছে। সেই সমুহৰ ভিতৰত অন্যতম ইংলেণ্ডৰ লিভাৰপুল বিশ্ববিদ্যালয় অন্যতম।তদুপৰি চণ্ডীগড় গ্ৰুপ অৱ কলেজেছ,এমিটি বিশ্ববিদ্যালয়,তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় অাদি উল্লেখযোগ্য। সাংবাদিকতাৰ জীৱনত বহু অভিজ্ঞতা সকলোৰে অাছে। বৰ্তমানৰ খ্যাতিমান সাংবাদিক শচীন গগৈৰ জীৱনটো সাংবাদিকতাৰ প্ৰথম অৱস্থাতে ঘটিছিল এটা ঘটনা। ঘটনাটো এই কাৰনেই গুৰুত্বপূৰ্ণ যে চালুকীয়া অৱস্থাতে সঠিক সাংবাদিকতা সম্পৰ্কে বুজি পোৱাত তেওঁক সহায় কৰিছিল অাৰু হয়তো।নতুন চামৰ বাবেও এই অভিজ্ঞতা উপযোগী হ’ব পাৰে।
ঘটনাটো এনে ধৰণৰ গগৈয়ে ইণ্ডিয়ান এক্সপ্ৰেছ কাকত খনত প্ৰশিক্ষণৰত অৱস্থাতে এদিন এক ব্যৱসায়িক গোষ্ঠীয়ে অায়োজন কৰা নৈশ অনুষ্ঠানৰ কভাৰেজৰ বাবে অামন্ত্ৰন লাভ কৰে । নতুন দিল্লীৰ এক বিলাসী হোটেলত অায়োজিত অনুষ্ঠানৰ শেষত উদ্যোক্তা সকলৰ মাজৰ এজনে তেওঁক টেক্সিৰ ভাড়াৰ বাবদ কিছু মাননি অাগবঢ়াব বিচাৰে। তেওঁ ততালিকে সেই প্ৰস্তাব প্ৰত্যাখ্যান কৰিলে। পিছদিনা কাৰ্যালয়ত গৈ ঊপস্থিত হোৱাৰ পিছতে গগৈয়ে কাম কৰি থকা বিভাগটোৰ সম্পাদিকা গৰাকীয়ে তেওঁক নিজৰ কেবিনলৈ মাতি পঠালে। এক উজ্জ্বল হাঁহিৰে সম্ভাষণ জনাই তেখেতে গগৈক অাগদিনা ৰাতি অনুষ্ঠানৰ উদ্যোক্তাই অাগবঢ়োৱা পইচা অগ্ৰাহ্য কৰাৰ বাবে প্ৰশংসাৰে ওপচাই পেলালে।
গগৈয়ে কিছু অপ্ৰস্তুত হোৱাৰ লগতে সম্পাদিকা গৰাকীয়ে সেই কথাটো কেনেদৰে গম পালে তাক ভাবি অাচৰিতো হ’ল। সম্পাদিকা গৰাকীয়ে বুজালে যে সাংবাদিকতাৰ দৰে বৃত্তিত ব্যক্তিগত স্খলন হবলৈ বেচি সময় নালাগে অাৰু অাৰম্ভণীৰ পৰাই সচেতন হলেহে এজন প্ৰকৃত সাংবাদিক হৈ থাকিব পাৰিব। এই শিক্ষাটো সদায় সাৰোগত কৰি চলা শচীন গগৈৰ দিখৌ, লুইতৰ পাৰৰ পৰা জগত সভালৈ যি যাত্ৰা অাৰম্ভ হৈছে সেই যাত্ৰা অবিৰত যাত্ৰা হওঁক।অসমীয়া প্ৰতিদিন ৰ তৰফৰ পৰা বিবিচিৰ সাংবাদিক শচীন গগৈলৈ জনালোঁ অভিনন্দন অাৰু অলেখ শুভকামনা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3eGV8N6
via IFTTT
Comments
Post a Comment