দুঃখবৰ- মা বৈষ্ণ দেৱী মন্দিৰ দৰ্শন কৰিবলৈ যোৱা ১২গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু…

ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ পহিলা দিনটোতে দুখৰ খবৰ। মা বৈষ্ণ দেৱী মন্দিৰ দৰ্শন কৰিবলৈ যোৱা ১২গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু। মন্দিৰত হোৱা প্ৰচণ্ড ভীৰ আৰু হেচাঁ-ঠেলাৰ বাবে এই দুখজনক ঘটনা সংঘটিত হবলৈ পালে। প্ৰাপ্ত খবৰ অনুসৰি পুৱতি নিশা সংঘটিত হোৱা এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে ১৪গৰাকীকৈ তীৰ্থযাত্ৰী।
পুৱতি নিশা প্ৰায় ২.৪৫বজাত ত্ৰিকুতা পাহাৰস্থিত বৈষ্ণদেৱী মূল মন্দিৰৰ বাহিৰ ভাগতে এই ঘটনা সংঘটিত হৈছে। মন্দিৰটোৰ পৰিচালনাৰ দায়িত্বত থকা লোকে সংবাদমাধ্যমক অৱগত কৰা অনুসৰি, নৱবৰ্ষৰ বাবে অধিক হাৰত সমাগম হৈছিল তীৰ্থযাত্ৰীৰ। নিশা তীৰ্থযাত্ৰীৰ উপস্থিতি ইমানেই বাঢ়িছিল যে, আমি সুচাৰুৰূপে পৰিচালনা কৰাত বিফল হৈছিলো।
এই সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। টুইটযোগে দুখ প্ৰকাশ কৰি উপ ৰাজ্যপাল মনোজ সিনহা আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, নিত্যানন্দ ৰায়ৰ পৰা ঘটনাৰ সন্দৰ্ভত বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FMGnEa
via IFTTT
Comments
Post a Comment