আন্তঃজিলা দবা প্ৰতিযোগিতাঃ অনূধ্ব ৮বছৰ শাখাত গুৱাহাটীৰ আৰোহনৰ সাফল্য….

ডিজিটেল ডেস্কঃ অলপতে গুৱাহাটীত অনুষ্ঠিত হৈ যায় বয়সভিত্তিক আন্তঃজিলা দবা প্ৰতিযোগিতা। ১জানুৱাৰীত সমাপ্ত হয় এই প্ৰতিযোগিতাখনিৰ। অনূধ্ব ২০, ১৬, ১০ আৰু আঠ বছৰৰ শাখাত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছিল লৰা আৰু ছোৱালী শাখাত।

এই প্ৰতিযোগিতাখনিত অনূধ্ব ৮বছৰ শাখাত গুৱাহাটীৰ আৰোহনে লৰা বিভাগত খিতাপ জয় কৰে। এই শাখাত শোণিতপুৰৰ আয়ুস শৰ্মা আৰু কাছাৰৰ মনদীপ ধৰে প্ৰথম তিনিটা স্থানত থকাৰ বিপৰীতে ছোৱালী শাখাত প্ৰথম তিনিটা স্থানত থাকে দৰঙৰ ছুজেইন আহমেদ, গুৱাহাটীৰ অমেয়া গুপ্তা আৰু নিতিশা শইকীয়াই। অনূধ্ব ৮বছৰ শাখাৰ দলটোৰ নেতৃত্বত আছিল আৰোহন।

উল্লেখ কৰা প্ৰয়োজন যে, মহানগৰীৰ নালাপাৰাৰ শ্বেমফ’ৰ্ড ফিডচাৰষ্টিক স্কুলত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখনিৰ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32GrViM
via IFTTT

Comments