মোডীক ক’লা পতাকা দেখুওৱাই গুলীবিদ্ধ কংগ্ৰেছ নেত্ৰী : প্ৰতিবাদত বহিব প্ৰিয়ংকা গান্ধী….

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত তীব্ৰ ৰূপ ধাৰণ কৰিছে ৰাজনৈতিক হিংসাই। ৰাজ্যখনত এতিয়া ৰাজনৈতিক সমালোচনা বা প্ৰতিবাদৰ কোনো স্থান নাই। কেতিয়া, কাৰ দেহত, কোনে গুলী মাৰে তাৰ কোনো নিশ্চয়তা নাই। তেনে এক ঘটনাই সংঘটিত হ’ল সোমবাৰে সন্ধিয়া।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক’লা পতাকা দেখুৱাই চৰ্চালৈ অহা কংগ্ৰেছে নেত্ৰী ৰীতা যাদৱ দুৰ্বৃত্তৰ গুলীত গুলীবিদ্ধ। সোমবাৰে সন্ধিয়া চুলতানপুৰত দুৰ্বৃত্তই ৰীতাৰ দেহলৈ লক্ষ্য কৰি গুলী চালনা কৰাৰ ঘটনা পোহৰলৈ আহিছে। দুৰ্বৃত্তৰ গুলী ৰীতাৰ ভৰতি লাগিছে আৰু তেওঁ অতি সংকতজনক অৱস্থাত হাস্পাতালত জীৱন-মৃত্যুৰ যুঁজ দি আছে।

গুলীবিদ্ধ ৰীতাক চি এইছ চি লাম্বুয়াত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । ইফালে গুলীবিদ্ধ ৰীতাই সংজ্ঞা ঘূৰাই পোৱাৰ পিছতে ৰীতা যাদৱে কৈছে যে, তেওঁ পোষ্টাৰ আৰু বেনাৰ বনাবলৈ গৈ ঘূৰি অহাৰ পথত তিনিজন লোকে ৰাজপথত লাম্বুয়াৰ ওচৰত মোৰ বোলেৰোক অতিক্ৰম কৰি ৰখাইছিল আৰু তাৰ পিছত প্ৰথমে ভয়-ভাবুকি প্ৰদান কৰি পিছত গুলীয়াইছিল।

ইফালে কংগ্ৰেছে এই বিষয়টোক লৈ বিজেপিক কঠোৰ সমালোচনা কৰিছে। কংগ্ৰেছে জে পি নাড্ডাক টেগ কৰি টুইট কৰিছে। কংগ্ৰেছে ইয়াক কাপুৰুষালীৰ লগত তুলনা কৰিছে। ইফালে ৰীতা যাদৱে ১৭ ডিচেম্বৰত লক্ষ্ণৌত প্ৰিয়ংকা গান্ধীকো লগ কৰিছিল। চুলতানপুৰ কংগ্ৰেছ নেতা বিজয় শ্ৰীবাস্তৱে কৈছে, যে প্ৰিয়ংকা গান্ধীয়েও মঙলবাৰে ৰীতা যাদৱক সাক্ষাৎ কৰিব আৰু এই ঘটনাৰ প্ৰতিবাদ কৰিব।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে ১৬ নৱেম্বৰত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে উৎসৰ্গা কৰিবলৈ চুলতানপুৰত উপস্থিত হৈছিল। ৰীতা যাদৱে সেই সময়তে তেওঁক ক’লা পতাকা দেখুৱাইছিল। তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। দুদিন পিছত অৱশ্যে তেওঁ জামিন লাভ কৰিছিল আৰু কাৰাগাৰৰ পৰা বাহিৰলৈ আহিছিল।

এই ঘটনাৰ পিছত তেওঁ নিজ দলত প্ৰাপ্য সন্মান লাভ কৰা নাছিল আৰু সেয়েহে তেওঁ সমাজবাদী পাৰ্টি ত্যাগ কৰি ১৭ ডিচেম্বৰত কংগ্ৰেছ সভাপতি অভিষেক সিং ৰাণাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিছিল। এনে এক পৰিস্থিতিৰ মাজতেই সোমবাৰে ৰীতা যাদৱক মুকলিকৈ গুলী চালনা কৰাৰ ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3mWcIRP
via IFTTT

Comments