জোনাইত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুঃ বৰেণ্য ব্যক্তি ডিৰাম কুম্বাঙৰ প্ৰতিমূৰ্তি উন্মোচন…

ডিজিটেল সংবাদ, জোনাই : মিচিং সমাজৰ পুৰোধা তথা বৰেণ্য ব্যক্তি, বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠন প্ৰয়াত ডিৰাম কুম্বাঙৰ প্ৰতিমূৰ্তি কালি আনুষ্ঠানিকভাৱে উন্মোচন কৰে শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৱে। জোনাই সদৰৰ মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে স্থাপন কৰা বৰেণ্য ব্যক্তি ডিৰাম কুম্বাঙৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, কাৰ্যবাহী সদস্য ৰাজু মেদক, নৰেশ কুম্বাং আদিৰ লগতে বহু ৰাইজে উপস্থিত থাকে। উল্লেখযোগ্য যে 1931 চনত জোনাই-মুৰ্কংচেলেক অঞ্চলৰ তাহানিৰ কপলং চাপৰি গাঁও জন্মগ্ৰহণ কৰা ডিৰাম কুম্বাং মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদক, প্ৰাক্তন সভাপতি, মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি, দঞি-পল য়েলাম কেবাঙৰ অসমৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ঐতিহ্যমণ্ডিত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে 1993 চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। সাতখনৰো অধিক মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে মিচিং ভাষা-শিক্ষা, সাহিত্য, কৃষ্টি-সংস্কৃতি লৈ অনবদ্য অৱদান আগবঢ়োৱা পুৰোধা ব্যক্তি ডিৰাম কুম্বাঙে এঘাৰ ডিচেম্বৰ, 2012 চনত বৈকুণ্ঠগামী হয়।

সন্মিলিত গণশক্তি দলৰ জোনাই ব্লক সম্পাদক অতুল পেগুৱে আঁত ধৰা সভাত প্ৰতিমূৰ্তি উন্মোচন কৰি শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৱে নিজৰ ভাষণত জোনাই অঞ্চলৰ আধুনিক শিক্ষাৰ বাটকটীয়া ডিৰাম কুম্বাং মিচিং সমাজৰ সামাজিক সংস্কাৰ, কৃষ্টি-সংস্কৃতি লগতে সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই থৈ যোৱা বুলি উল্লেখ কৰি প্ৰয়াত ডিৰাম কুম্বাং মিচিং সমাজ বাবে চিৰ স্মৰণীয় হৈ থাকিব বুলি মন্তব্য কৰে। তদুপৰি তেওঁ জোনাই অঞ্চলৰ বৰেণ্য তথা বিশিষ্ট ব্যক্তিসকলৰ নাম উল্লেখ কৰি সমাজ জীৱনত লৈ অনবদ্য অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিৰসকলক অৱদানক সংৰক্ষিত কৰিবলৈ আহ্বান জনায়। ইপিনে মিচিং স্বায়ত্ত শাসিত পৰিষদে মিচিং সমাজৰ বৰেণ্য ব্যক্তিৰসকলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি স্মৃতি যুগমীয়া কৰিব বিচৰাক শলাগ লয়। নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী ৰণোজ পেগুৱে চুবুৰীয়া ৰাজ্যসমূহৰ লগত আন্ত:ৰাজ্যিক সীমা সমস্যা চৰকাৰে স্থায়ী সমাধানৰ পদক্ষেপ লোৱা কথা সদৰী কৰি বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ লগত সংলগ্ন হৈ থকা অসমৰ সীমা সমস্যা স্থায়ী সমাধান বাবে আলোচনা চলি থকা বুলি উল্লেখ কৰি শীঘ্ৰে ৰাজ্য দুখনৰ লগত অসমৰ সীমা সমস্যা স্থায়ী সমাধান হ’ব বুলি মন্তব্য কৰে। ইপিনে ভূমি সমস্যা সমাধান বাবে মিছন বসুন্ধৰাৰ অধীনত ভূমি জৰীপ চলি থকাৰ কথা উল্লেখ কৰি যুগ যুগ ধৰি বনাঞ্চলত বাস কৰা ৰাইজক বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টা প্ৰদান কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে বন গাঁওসমূহ ৰাজহ গাঁও লৈ পৰিবৰ্তন কৰা হ’ব বুলি মন্তব্য কৰে। অসমৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলসমূহ পুনৰ জৰীপ কৰি বনাঞ্চল হিচাপে সংৰক্ষণ কৰা নকৰাৰ ওচৰত চৰকাৰৰ বিবেচনা কৰি থকা বুলি জানিব লৈ দিয়ে।

মিচিং স্বায়ত্ত শাসিত পৰিষদ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া নিজৰ ভাষণত মিচিং সমাজৰ সংস্কাৰৰ বাবে প্ৰয়াত ডিৰাম কুম্বাঙে আগবঢ়োৱা অনবদ্য অৱদান উল্লেখ কৰি তেওঁৰ জীৱনৰ আদৰ্শক নতুন প্ৰজন্মই ৰক্ষা কৰিব লাগিব বুলি মন্তব্য কৰে। তদুপৰি বিশেষ সম্বৰ্ধনা অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুক মিচিং বানে কেবাং, জোনাই মহকুমাৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ, পূব জোনাই মণ্ডল বিজেপিৰ লগতে বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠান বিপুল সম্বৰ্ধনা জনায়।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32Nr5ki
via IFTTT

Comments