এদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰ -ত্ৰিপুৰালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী : আধাৰশিলা স্থাপন কৰিব ২২টা ৰাষ্ট্ৰীয় প্ৰকল্পৰ…

ডিজিটেল সংবাদ ৱাখাঃ সমাগত মণিপুৰৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙ্গলবাৰে এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ আৰু ত্ৰিপুৰাত উপস্থিত হ’ব। পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক বিশেষ বিমানেৰে নতুন দিল্লীৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হ’ব । এই ভ্ৰমণ কালত প্ৰধানমন্ত্ৰী মোডীয়ে মণিপুৰ আৰু ত্ৰিপুৰাত প্ৰায় ৪৮০০ কোটি টকাৰ বিশাল পুঁজিৰে ২২ টাকৈ ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।
মণিপুৰত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১,৮৫০কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিব লগীয়া ৫ টাকৈ ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । মণিপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লুৱয়াংপোকপা ক্ৰিকেট গ্ৰাউণ্ডত হ’বলগীয়া বিশাল জনসভাক সম্বোধন কৰিব । ইয়াৰ পিছত মোডীয়ে ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাই পথ এটাৰ আধাৰশিলা স্থাপন কৰিব ।
আনহাতে ৭৫ কোটি টকাৰ ব্যয়েৰে বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা আইৰণ অৰ্থাৎ ষ্টিল ব্ৰীজখন উদ্বোধন কৰিব । প্ৰধানমন্ত্ৰীয়ে ১১০০কোটি টকাৰে মণিপুৰত নিৰ্মাণ কৰা ২৩৮৭ টা মবাইল টাৱাৰ উদ্বোধন কৰি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তদুপৰি নৰেন্দ্ৰ মোডীয়ে ২৮০ কোটি টকাৰ থৌবাল মাল্টি প্ৰকল্প , ১৬০ কোটি টকীয়া ষ্টেট কেন্সাৰ হাস্পাতাল, ইম্ফলত ৬৬কোটি টকাৰ কাকচিঙ মৈৰাঙ হস্তশিল্প গাঁৱৰ আধাৰশিলা স্থাপন কৰিব ।
প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ ভ্ৰমণ সামৰি ১:৩০ বজাত ত্ৰিপুৰাত উপস্থিত হব । তাত তেওঁ ৪৫০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা ৩০,০০০ বৰ্গ ফুটৰ বীৰ বিক্ৰম বিমানবন্দৰ নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব । বিয়লি ৩ বজাত প্ৰধানমন্ত্ৰী নতুন দিল্লীলৈ উভতি যাব । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মণিপুৰ ভ্ৰমণৰ বিৰোধিতা কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী বৰ্জন আহবান জনাইছে মণিপুৰৰ বিদ্ৰোহী সংগঠনসমূহে । বিদ্ৰোহীৰ সকীয়নীৰ বাবে মণিপুৰৰ কাকচিঙ জিলাত আছাম ৰাইফলছে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zqRj8q
via IFTTT
Comments
Post a Comment