নিশাৰ মহানগৰীত সুৰাপায়ীৰ বিৰুদ্ধে অভিযান মুখ্যমন্ত্ৰীৰ : তাৰ পিছত কি হ’ল…

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজপথত মুখ্যমন্ত্ৰীয়ে চলালে সুৰাপায়ীৰ বিৰুদ্ধে অভিযান। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱহৰ্ষৰ প্ৰাকক্ষণৰ পৰাই সুৰা সেৱন কৰি যান-বাহন চলোৱাৰ পৰা বিৰত থাকিবলৈ ৰাজ্যবাসীক আহ্বান জনোৱাৰ লগতে এই নিয়ম ভংগকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা হ’ব বুলিও কৈ আহিছিল।
সেই অনুসৰিয়েই আৰক্ষীৰ সমান্তৰলকৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাইয়ো ৩১ ডিচেম্বৰৰ নিশা চলালে সুৰাপায়ীৰ বিৰুদ্ধে অভিযান। নিশা মহানগৰীৰ গণেশগুৰি, ভঙাগড়, উলুবাৰী, গুৱাহাটী ক্লাব, চানমাৰি, জু-ৰোডত আদিত দেখা গ’ল মুখ্যমন্ত্ৰীগৰাকীক। আৰক্ষীয়ে সুৰাপায়ীৰ বিৰুদ্ধে চলাই থকা অভিযানৰ নিজেই বুজ লোৱাৰ উপৰিও তেওঁ সমগ্ৰ দিশ তদাৰক কৰিলে।
এই সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে সুৰাপায়ীৰ বিৰুদ্ধে অভিযান চলাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীত সমূহত আৰক্ষী আৰু জিলা প্ৰশাসনক অভিযান চলাবলৈও নিৰ্দেশ প্ৰদান কৰিছে। বনভোজলৈ যোৱা বাহনৰ চালকসকলে যাতে সুৰাসেৱন কৰি বাহন নচলায় তাৰ বাবে চালকসকলক পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে তেওঁ।
ইফালে নিশাৰ এই অভিযানৰ সময়ত সুৰাপায়ী চালকক মুখ্যমন্ত্ৰীয়ে চানমাৰি থানাৰ আলহী কৰাৰ উপৰিও চালকজনৰ লগত থকা পৰিয়ালটোক উবেৰৰ জৰিয়তে ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qBLJvP
via IFTTT
Comments
Post a Comment