ইণ্টাৰনেটত উপলব্ধ হ’ল ভাগৱত : অসমীয়াতে অধ্যয়ন কৰিব পাৰিব সকলোৱে…

ডিজিটেন ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে অসমবাসীৰ বাবে এক সু-খবৰ কঢ়িয়াই আনিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই। সংঘৰ প্ৰচেষ্টাত এতিয়াৰে পৰা ইণ্টাৰনেটত উপলব্ধ হ’ব ভাগৱত। সংঘৰ গোলাঘাট জিলা শাখাই ইণ্টাৰনেটত মুকলি কৰিলে ভাগৱটৰ অনলাইন সংস্কৰণ। বিগত দুটাকৈ বছৰে গোলঘাট জিলাৰ শাখাৰ সম্পাদক দেৱাঞ্জন বৰাৰ নেতৃত্বত ইণ্টাৰনেটত ভাগৱত উপলব্ধ কৰিবলৈ কাম কৰি আহিছিল।
প্ৰায় দুটা বছৰৰ প্ৰচেষটাৰ অন্তত অৱশেষত ইণ্টাৰনেটত মুকলি কৰিবলৈ সক্ষম হ’ল ভাগৱত। গোলাঘাট জিলাৰ ঢেকিয়ালৰ জিলা নামঘৰত এক আধ্যাত্মিক পৰিৱেশত এই ইণ্টাৰনেট সংস্কৰণ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই।
যিসকলে ভাগৱত অধ্যয়ন কৰিব বিচাৰে তেওঁলোকে গুগলত VAGAWAT বুলি অনুসন্ধান কৰিলেই অতি সহজে অনলাইন মাধ্যমেৰে পঢ়িব পাৰিব সম্পূৰ্ণ অসমীয়া ভাগৱত। ইউনিক’ডৰ জৰিয়তে ৰূপায়িত কৰা হৈছে এই সম্পূৰ্ণ প্ৰক্ৰিয়া।
উল্লেখ্য যে পূৰ্বে হিন্দী আৰু ইংৰাজী ভাষাত ভাগৱতৰ কিছু কিছু অংশ ইণ্টাৰনেটত উপলব্ধ আছিল যদিও অসমীয়া ভাষাৰ কিয়দংশও ইণ্টাৰনেটত উপলব্ধ নাছিল। এতিয়াৰে পৰা এই অভাৱ দূৰ হ’ল। সহজতেই সকলোৱে ইচ্ছা কৰিলেই ভাগৱত অধ্যয়ন কৰিব পাৰিব।
ইফালে এই অনপষ্ঠানতে sssgolaghat.com নামৰ এক ৱেবছাইটো উন্মোচন কৰা হৈছে। অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধানসম্পাদস বাবুল বৰা উপস্থিত থাকি ভাগৱতৰ অনলাইন সংস্কৰণ মুকলি কৰে। ইয়াৰোপৰি এই বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘই মিউজিয়াম, অনুষ্ঠানটিৰ পদাধিকাৰ-প্ৰধান সম্পাদকৰ তৈলচিত্ৰ নিৰ্মাণ, ডিব্ৰুগড়, যোৰহাট, ধুবুৰী, গোৱালপাৰাত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শাখা স্থাপনৰ পৰিকল্পনা লোৱাৰ কথাও উল্লেখ কৰে এই অনুষ্ঠানত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3sR0rSp
via IFTTT
Comments
Post a Comment