বি ভি এফ চি এলে পোনপ্ৰথম বাৰৰ বাবে উৎপাদন কৰিলে নতুন জৈৱিক সাৰ…

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেড চমুকৈ বি ভি এফ চি এলে পোন প্ৰথম বাৰৰ বাবে নিজা প্ৰস্তুতিৰে উৎপাদন কৰিছে মুক্ত এন পি কে ( Mukta NPK) নামেৰে এবিধ নতুন জৈৱিক সাৰ। উক্ত উৎপাদিত সামগ্ৰী বিধ আজি সন্ধ্যা আনুষ্ঠানিক ভাৱে মুকলি কৰিছে উদ্যোগটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড* শিৱ প্ৰসাদ মাহান্তিয়ে ।
নামৰূপ সাৰ কাৰখানাই ৰাসায়নিক সাৰৰ সমান্তৰাল ভাৱে জৈৱিক সাৰৰ ব্যৱসায় চলাই আহিছে যদিও বি ভি এফ চি এলে পোন প্ৰথম বাৰৰ বাবে নিজাকৈ উৎপাদন কৰিলে মুক্তা এন পি কে নামৰ জৈৱিক সাৰ বিধ।
বিগত কিছু বছৰৰ পৰা কৃষকসকলৰ লগতে জনসাধাৰণ উৎপাদিত সমগ্ৰীত জৈৱিক সাৰৰ ব্যৱহাৰৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে। জৈৱিক সাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বি ভি এফ চি এলে ভাৰমী ক’ম্পজ, (Vermi compose) মুক্তা ইউৰীয়া, বাইঅ’ ফাৰটিলাইজাৰ নামেৰে কেইবাবিধ জৈৱিক সাৰৰ ব্যৱসায় চলাই গৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FPJOtX
via IFTTT
Comments
Post a Comment