অসম চৰকাৰ, ব্ৰহ্মপুত্ৰ বৰ্ড আৰু মাজুলী জিলা প্ৰশাসনৰ নীৰৱ ভূমিকাঃ ব্যাপক গৰাখহনীয়া কামজান এলেঙী অঞ্চলত…

ডিজিটেল সংবাদ, মাজুলীঃ ধাৰাবাহিক ভাৱে বিগত সময়চোৱাত হোৱা ব্যাপক গড়া খহনীয়াত শালমৰা গাঁৱৰ বহু পৰিয়ালে নিজৰ গৃহ হেৰুৱালে, মাটি হেৰুৱালে আৰু এই গাঁৱৰ পৰা বিভিন্ন স্থানলৈ স্থানান্তৰিত হৈ গ’ল আৰু এতিয়াও প্ৰায় ৬০০ পৰিয়াল খহনীয়াত প্ৰতিত হৈ আছে। গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আৱণ্টিত বৃহৎ ধনৰাশিৰ ১ শতাংশও সৎ ভাৱে ব্যৱহাৰ নহল। মাজুলী জিলা প্ৰশাসনেও নীৰৱ ভূমিকা পালন কৰি আহিছে পূৰ্বৰে পৰা।

চৰকাৰে ফুল জাৰি মৰা বহু কথাই কৈ যায় কিন্তু কামৰ নামত কোনো দিন প্ৰযোজ্য নহয়। পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ শইকীয়াই এই সম্পৰ্কে কয় যে, গড়া খহনীয়া কেৱল আজি হোৱা বা ৪/৫দিন হোৱা বিপদ নহয়।এই বিপদ পূৰ্বৰে পৰা হৈ আহিছে কিন্তু কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱা নাই চৰকাৰ প্ৰশাসনে ।চপৰা-চপৰে খহি গৈছে, জিঅ বেগ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে তথাপিও জিলা প্ৰশাসন নীৰৱ কিয়? অন্যহাতে সাধাৰণ সম্পাদক প্ৰান্তু চাহুৱে কয় নে ব্ৰহ্মপুত্ৰ বৰ্ড, মাজুলী জিলা প্ৰশাসনৰ এক গোপন মিতিৰালী আছে যিটো আজি প্ৰত্যক্ষ হৈ।

গোপন বুজাবুজি নথকা হলে ব্ৰহ্মপুত্ৰ বৰ্ড নামৰ এই কোম্পানীটোক কাৰ্য্যকৰী হোৱাকৈ কামত লগাব পাৰিলে হেতেন।সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য যদুমনি হাজৰিকাই কয় যে, বৰ্তমান মাজুলী জিলাৰ নতুন উপায়ুক্ত জনে খহনীয়া অঞ্চল পৰিদৰ্শন কৰি সেই অঞ্চল সমূহ বচাবলৈ যত্নপৰ ব্যৱস্থা গ্ৰহণ কৰা অতি প্ৰয়োজনীয়।

সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক কাকুমনি কলিতাই কয় যে, ইতিমধ্যে ২৩৭ কোটি টকা ব্ৰহ্মপুত্ৰ বৰ্ড নামৰ কোম্পানীটোৱে অবাধ দুৰ্নীতিৰে আত্মসাৎ কৰিলে। প্ৰতিষ্ঠা কালৰে পৰা ব্ৰহ্মপুত্ৰ বৰ্ড নামৰ এই কোম্পানীটোৱে মাজুলীক সুৰক্ষা দিয়াত বিফল হৈছে।কিন্তু ইমান হোৱা পাছতো কিয় বাৰে বাৰে এই কোম্পানীটোক দায়িত্ব দিছে সিও সন্দেহ জনক ।

লগতে আৰু কয় যে অসম চৰকাৰৰ জলসম্পদ বিভাগ ইতিমধ্যে বিফল হৈছে।মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ দুৰ্বলতাৰ বাবে আজি শালমৰা গাওঁ শেষ হবলৈ গৈ আছে আৰু বৰ্তমান মাজুলী জিলাৰ উপায়ুক্ত জনে খহনীয়া অঞ্চলৰ পৰিদৰ্শন নকৰাটো এক ৰহস্য বুলি কয়।তাৎক্ষণিক ভাৱে যদি অসম চৰকাৰ, মাজুলী জিলা প্ৰশাসন আৰু ব্ৰহ্মপুত্ৰ বৰ্ড এ কাম নকৰে তেনেহ’লে পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সভাপতি/সম্পাদকে জানিবলৈ দিছে।.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3EPtDeX
via IFTTT

Comments