‘শ্বিলং চেম্বাৰ কয়ৰ’ৰ প্ৰতিষ্ঠাপক নীল নংকিনৰিহৰ দেহাৱসানঃ দেশজুৰি শোক…

ডিজিটেল ডেস্কঃ শ্বিলংৰ প্ৰখ্যাত শিল্পী নীল নংকিনৰিহৰ দেহাৱসান।‘শ্বিলং চেম্বাৰ কয়ৰ’ৰ প্ৰতিষ্ঠাপকগৰাকী বুধবাৰে মুম্বাইৰ ৰিলায়েন্স চিকিৎসালয়ত ৫২ বছৰ বয়সত দেহাৱসান ঘটে। শ্বিলং চেম্বাৰ কয়াৰৰ প্ৰতিষ্ঠাপক আৰু প্ৰসিদ্ধ গীতিকাৰ তথা পিয়ানো বাদক নীল নংকিনৰিহৰ বুধবাৰে কিছু শাৰীৰিক অসুস্থতাৰ পাছতে মৃত্যু হয়।

উল্লেখ্য যে বিগত ৩ টা মাহ ধৰি কয়ৰৰ কামত মুম্বাইত ব্যস্ত আছিল নীল নংকিনৰিহ আৰু তেওঁৰ সতীৰ্থসকল। ইয়াৰ মাজতেই নীল অসুস্থ হৈ পৰে আৰু তেওঁক মঙ্গলবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। বুধবাৰে সন্ধিয়া তেওঁৰ মৃত্যু হয়।

নীলৰ এগৰাকী সতীৰ্থই কয় যে, ২০১৫ চনত পদ্মশ্ৰী বঁটাপ্ৰাপক সংগীতশিল্পীগৰাকীৰ নশ্বৰ দেহ মুম্বাই ৰিলায়েন্স হাস্পাতালত সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ লগে লগে মুম্বাইস্থিত বাসভৱনলৈ ঘূৰাই অনা হ’ব।

নীলৰ মৃত্যুত সমগ্ৰ মেঘালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলতে শোকৰ ছাঁ পৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নীল নংকিনৰিহৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। টুইটাৰযোগে মুখ্যমন্ত্ৰী চাংমাই কয় যে দেশখনে আজি এক ৰত্ন হেৰুৱাইছে৷ বিখ্যাত শ্বিলং চেম্বাৰ কয়ৰৰ প্ৰতিষ্ঠাপক ‘পদ্মশ্ৰী’ নীল নংকিনৰিহৰ আকস্মিক মৃত্যুত মই দুঃখিত। তেওঁ দেশৰ সৰ্বশ্ৰেষ্ঠ গায়কসকলৰ পৰামৰ্শদাতা আছিল, যিয়ে য’তেই প্ৰদৰ্শন কৰিছিল তাত জনসমাগম কঢ়িয়াইছিল। আমি আজি এক ৰত্ন হেৰুৱাইছোঁ৷

আনহাতে, শিল্পীগৰাকীৰ মৃত্যুত জ্যেষ্ঠ সাংবাদিক ৰাজদীপ ছৰদেশায়ো দুখ প্ৰকাশ কৰিছে৷ শিল্পীগৰাকীৰ মৃত্যুত মেঘালয়ত শোকৰ ছাঁ পৰিছে৷ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই মৰ্মাহত হৈ পৰিছে তেওঁৰ অজস্ৰ গুণমুগ্ধ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3n2I2ym
via IFTTT

Comments