মাজুলীত আফ্ৰিকান ছোৱাইনফ্লু ! সম্পূৰ্ণৰূপে বন্ধ গাহৰিৰ মাংস আৰু খাদ্য বিক্ৰী…

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংক্ৰমণৰ মাজত এইবাৰ আফ্ৰিকান ছোৱাইনফ্লুৰ আতংক। আফ্ৰিকান ছোৱাইনফ্লুৰ আতংকৰ মাজত মাজুলীৰ পশুপালকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। মাজুলী জিলাত এই ছোৱাইনফ্লুৱে লৈছে সংহাৰী ৰূপ।
মাজুলীৰ কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত মহৰিচুক গাওঁ আফ্ৰিকান ছোৱাইনফ্লুৰ মূল কেন্দ্ৰ হিচাপে পৰিগণিত হৈ পৰিছে। পশু চিকিৎসা বিভাগৰ এক নিৰ্দেশনাত এই কথা প্ৰকাশ পাইছে। মহৰিচুক অঞ্চলৰ ১০ কিলোমিটাৰ ভিতৰ ব্যাসাৰ্ধৰ ভিতৰৰ গাঁহৰি এই ৰোগত আক্ৰান্ত হৈছে।
এই ভাইৰাছ ধৰা পৰাৰ পাছতে মহৰিচুক গাঁৱৰ এক কিলোমিটাৰ ভিতৰৰ গাঁও সমূহত গাহৰিৰ মাংস আৰু গাহৰি লগত জড়িত যি কোনো খাদ্য বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে ।
ইফালে ৰাইজক সজাগ কৰিবলৈ আৰু তদন্ত কৰিবলৈ নিশআ মহৰিচুকত ৰাজহচক্ৰ বিষয়া আৰু পশু চিকিৎসা বিভাগৰ দল উপস্থিত হয়। আনহাতে এই আফ্ৰিকান ছোৱাইনফ্লুৰ সংক্ৰমণ শীঘ্ৰেগুৱাহাটীৰ পৰা এটা পশু চিকিৎসকৰ দল মাজুলীলৈ ৰাওনা হ’ব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3t6s3mq
via IFTTT
Comments
Post a Comment