সেনাই পাইছে তথ্যঃ কিয় কাৰনত দুৰ্ঘটনাত পতিত হৈছিল বিপিন ৰাৱটৰ হেলিকপ্টাৰ…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ব জোকাঁৰি যোৱা ভাৰতীয় সেনা বাহিনীৰ সৰ্বাধিনায়ক বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰন বিচাৰি বিচাৰি পাইছে ভাৰতীয় সেনাৰ তদন্তকাৰী গোটে। এই ঘটনাৰ তদন্তৰ দায়িত্বত থকা দলটোৱে সমগ্ৰ প্ৰক্ৰিয়া শেষ কৰিছে আৰু অচিৰেই তদন্তৰ প্ৰতিবেদন দাখিল কৰিব ভাৰতীয় বায়ু সেনা বাহিনীক।

এয়াৰ মাৰ্চল মানৱেন্দ্ৰ সিং তদন্ত কমিটিয়ে ইতিমধ্যে প্ৰতিবেদনখন লীগল ৱিঙ্গলৈ প্ৰেৰণ কৰিছে। এই প্ৰতিবেদনক লৈ এতিয়ালৈকে কোনেও আনুষ্ঠানিক মন্তব্য নাৰাখিলেও সেনাৰ এক শীৰ্ষ সূত্ৰৰ খবৰ অনুসৰি, বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হবলৈ পালে বুলি প্ৰতিবেদনত উল্লেখ আছে।

প্ৰতিবেদনখনত কোৱা হৈছে যে, বেয়া বতৰৰ বাবেই হেলিকপ্টাৰখনৰ পাইলট গৰাকী ‘ডিছঅৰিয়েন্ট’ হৈ পৰিছিল। যাৰ ফলত এই দুৰ্ঘটনা হবলৈ পালে। বায়ু সেনাৰ কাৰিকৰী ভাষাত এই ঘটনাক আখ্যা দিয়া হয় CFIT হিচাপে।

উল্লেখ্য যে, এই ভাৰতীয় বায়ু সেনাৰ এই সৰ্ববৃহৎ দুৰ্ঘটনাত ১৪গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ ভিতৰত আছিল বিপিন ৰাৱট পত্নীও। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন আছিল m-17



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31kxTp4
via IFTTT

Comments