কাৰ হাতলৈ কটনীয়ানৰ নেতৃত্ব ? পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা…

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে সম্পন্ন হৈ যোৱা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগণনা ৫ জানুৱাৰী, বুধবাৰে পুৱা ১০ বজাৰ পৰা সম্পন্ন হ’ব। ২০২১-২২ বৰ্ষৰ কাৰ্যকালৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত এইবাৰ মুঠ ১৬ টা পদত ৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
বুধবাৰে ফলাফল ঘোষণা কৰাৰ পিছতে এই ৪৫ গৰাকী প্ৰাৰ্থীৰ মাজৰ ১৬ গৰাকীয়ে ২০২১-২২ বৰ্ষৰ কাৰ্যকালৰ বাবে ছাত্ৰ একটা সভাৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰিব। এইবাৰ সভাপতি পদত দিগন্ত বৈশ্য, নিয়ৰ ডেকা আৰু প্ৰিয়ম ভাগৱতীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাইছে।
উপ-সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে টিনা দেউৰী, জবা শইকীয়া, মানসী বৰুৱাই। সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অভিষেক মহন্ত, ঋষিকেশ মেধি আৰু প্ৰাঞ্জল সোণোৱালে।
সহঃ সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অন্তৰীপা শইকীয়া, অনুপম মালি আৰু জুমি গগৈয়ে।এইবাৰৰ নিৰ্বাচনত বিশ্ববিদ্যালয়খনৰ মুঠ ৩,৪২৭ গৰাকী শিক্ষাৰ্থীয়ে ভোটদান কৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3q3IcHL
via IFTTT
Comments
Post a Comment