১০ হাজাৰ টকা ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞা

  • ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞাক গ্ৰেপ্তাৰ।
  • ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াগৰাকীক।
  • এজন যুৱকৰ গোচৰ নিস্পত্তি কৰাৰ বাবে ধনদাবী কৰিছিল।
  • ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে আৰিফ নামৰ এজন যুৱকৰ পৰা দাবী কৰিছিল ১০ হাজাৰ টকা।
  • দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰিছিল যুৱকজনে।
  • যুৱকজনে ধন দিয়াৰ পিছতে বিষয়াগৰাকীয়ে ধন লোৱাৰ প্ৰমাণ পাই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
  • প্ৰথমে টকাখিনি লৈ তেওঁৰ চালকক ৰাখি থবলৈ দিছিল বিষয়াগৰাকীয়ে।
  • টকাখিনিত ৰাসায়নিক দ্ৰব্য সানি থৈছিল দুৰ্নীতি নিবাৰক শাখাই।
  • সেইবাবে আৰক্ষী বিষয়াগৰাকীয়ে টকা লোৱাৰ প্ৰমাণ পোৱাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

The post ১০ হাজাৰ টকা ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Os5xQi
via IFTTT

Comments