ওৰাঙৰ নিচলামাৰীত শুই থকা অৱস্থাত স্বামীক হত্যা পত্নীৰ…

ডিজিটেল সংবাদ,ওৰাংঃ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ওৰাঙৰ নিচলামাৰী গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পত্নীয়ে চোকা অস্ত্ৰৰে ডিঙিত আঘাত কৰি হত্যা কৰিলে নিজ স্বামীক।

জানিব পৰা মতে, মঙলবাৰে পুৱতি নিশা ৪ বজাত স্বামী দেবেন মুণ্ডাই শুই থকা অৱস্থাত দা আৰু কোৰেৰে ডিঙিত আঘাত কৰে দেবেন মুণ্ডাৰ পত্নী ফু’ল মুণ্ডাই। পত্নীৰ আক্ৰমণৰ পিছতে সংকটজনক অৱস্থাত দেবেন মুণ্ডাক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু ঘটে।

পত্নীৰ হাতত প্ৰাণ হেৰুওৱা দেবেন মুণ্ডা

ইফালে, ঘটনাৰ পিছত ওৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দেবেন মুণ্ডাৰ পত্নী ফু’ল মুণ্ডাই মানসিক সন্তোলন হেৰুৱাই এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, এবছৰ পূৰ্বে এনেদৰে নিজ সন্তানকো হত্যাৰ চেষ্টা চলাইছিল ফু’ল মুণ্ডাই। হত্যাকাণ্ডৰ ঘটনাক লৈ সমগ্ৰ ওৰাং অঞ্চলতে চাঞ্চল্যই বিৰাজ কৰিছে।

The post ওৰাঙৰ নিচলামাৰীত শুই থকা অৱস্থাত স্বামীক হত্যা পত্নীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37EtCv1
via IFTTT

Comments