মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে আজি সন্ধিয়া ৬ বাজি ৪০ মিনিটত শপত লব উদ্ধৱ থাকৰেই…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে(২৮ নৱেম্বৰ) মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেই। সন্ধিয়া ৬ বাজি ৪০ মিনিটত দাদৰৰ শিৱাজী পাৰ্কত আয়োজন কৰা হৈছে শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰীৰ লগতে আৰু ৬ গৰাকী বিধায়কে মন্ত্ৰীত্বৰ শপত লোৱাৰ সম্ভাৱনা আছে। ৬ গৰাকী ভিতৰত শিৱসেনা-এন চি পি-কংগ্ৰেছৰ ২জনকৈ নেতা থাকিব।

বৃহস্পতিবাৰে শপত গ্ৰহণৰ বাবে কংগ্ৰেছৰ পৰা বালাচাহেব থেৰাত আৰু অশোক চৌহানৰ নাম চৰ্চালৈ আহিছে। ইফালে শিৱসেনাৰ ফালৰ পৰা শপত গ্ৰহণৰ বাবে চৰ্চিত হৈ থকা ২ নেতা হৈছে একনাথ চিন্দে আৰু সুভাষ দেশাই। সমান্তৰালভাৱে এন চি পিৰ ফালৰ পৰা জগন ভুজৱল আৰু জয়ন্ত পাটিলে লব পাৰে শপত।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ এই শপত গ্ৰহণ অনুষ্ঠানলৈ শিৱসেনাই নিমন্ত্ৰণ জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো। বুধবাৰে নিশা ফোনযোগে উদ্ধৱ থাকৰেই নৰেন্দ্ৰ মোডীক নিমন্ত্ৰণ জনায়। উল্লেখ্য যে, শপত গ্ৰহণ অনুষ্ঠানত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে উপস্থিত থকাৰ লগতে থাকিব মহাৰাষ্ট্ৰৰ ৪০০ কৃষকো।

The post মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে আজি সন্ধিয়া ৬ বাজি ৪০ মিনিটত শপত লব উদ্ধৱ থাকৰেই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XV1H5e
via IFTTT
Comments
Post a Comment